Massive fire break out : লাচিত নগৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

By

Published : Mar 13, 2023, 1:26 PM IST

thumbnail

গুৱাহাটী, ১৩ মাৰ্চ : মহানগৰীৰ লাচিত নগৰৰ সৈনিক ভৱনৰ সমীপত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় এটা আচাম টাইপ মডেলৰ ঘৰ । ঘৰটোৰ পৰিয়ালৰ লোক শুই থাকোতেই হঠাৎ জুই লগাত কোনোমতে প্ৰাণৰক্ষা পৰে ঘৰটোৰ সদস্যসকল । কিছু সময়ৰ পিছতে জুইৰ লেলিহান শিখাই ঘৰৰ চৌদিশে আগুৰি ধৰে (House burnt in massive fire break)। 

এই অগ্নিকাণ্ডৰ ফলত এটা চিলিণ্ডাৰো বিস্ফোৰণ হয় । পিছত স্থানীয় একাংশ লোকে ঘৰটোৰ পৰা জুই ওলোৱা প্ৰত্যক্ষ কৰি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । এই খবৰৰ ভিত্তিত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হোৱা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে অগ্নিকাণ্ড সংঘটিত হোৱা সেই স্থানত চাৰিটা পৰিয়াল আছিল (Fire break out at Guwahati)।

প্ৰাপ্ত তথ্য অনুসৰি, শুভ্ৰৰঞ্জন দেৱ আৰু সব্যসাচি দেৱ নামৰ লোক দুজনৰ ভাৰাঘৰত আজি পুৱাই প্ৰায় ৭.৪৫ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে । এই অগ্নিকাণ্ডৰ ঘটনাত কেইবা লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায় (Massive fire break out at Guwahati) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.