Erosion at Silghat: কলিয়াবৰত লুইতৰ ভয়াৱহ খহনীয়া

By

Published : Oct 13, 2022, 1:39 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া (Erosion in Assam) ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam)। একেদৰে কলিয়াবৰতো (Erosion in Kaliabar) অব্য়াহত প্ৰবল খহনীয়া । কলিয়াবৰৰ শিলঘাটৰ (Massive erosion at Barbari of Kaliabar) ৰবৰবাৰীত লুইতৰ ভয়াৱহ গৰাখহনীয়া । দুৰ্গা পূজাৰ পাছৰে পৰাই খহনীয়া বৃদ্ধি পাইছে উক্ত অঞ্চলটোত । ৰবৰবাৰী অঞ্চলৰ কেইবাটাও বাসগৃহ ইতিমধ‍্যে খহনীয়াৰ কৱলত পৰিছে । স্থানীয় বাসিন্দাই ঘৰ-দুৱাৰৰ লগতে সা-সম্পত্তি স্থানান্তৰ কৰি নিজে সজা ঘৰখন লুইতৰ বুকুত জাহ যোৱা দৃশ‍্য চাই হুমুনিয়াহ কাঢ়িছে । ইয়াৰ পিছতে নিৰ্বিকাৰ পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগ । এতিয়লৈকে জলসম্পদ বিভাগৰ (Department of Water Resources) তৰফৰ পৰা কোনো ধৰণৰ ব‍্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.