তিনি বছৰীয়া সন্তানসহ বিবাহিতা মহিলা সন্ধানহীন

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 8:13 PM IST

thumbnail

জোনাই, 29 ডিচেম্বৰ : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ অঞ্চলৰ চিমেন বালি গাঁৱত এগৰাকী বিবাহিতা মহিলা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে চিলাপথাৰ চিমেন বালি গাঁৱৰ ধনঞ্জয় টাইডৰ পত্নী বুলবুলি টাইডে 13 ডিচেম্বৰৰ পুৱা 3 বছৰীয়া কন্যা সন্তানক লৈ বেংকলৈ বুলি ওলাই যোৱাৰ পিছত আজি পৰ্যন্ত মহিলাগৰাকী সন্ধানহীন হৈ আছে ৷

স্বামীৰ লগতে পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো শুং-সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই মহিলাগৰাকীৰ ৷ উপায়ন্তৰ হৈ স্বামী ধনঞ্জয় টাইডে ডিমৌ তহলদাৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই ৷

পত্নীৰ লগতে কণমানি সন্তানটিৰ অনুপস্থিতিত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ধনঞ্জয় টাইডৰ জীৱনলৈ অমানিশা নামি আহিছে ৷ পৰিয়ালৰ লোকৰ লগতে স্বামী ধনঞ্জয় টাইডে কোনো সদাশয় ব্যক্তিয়ে এই মহিলাগৰাকীৰ সন্ধান পালে 9957965551/ 9387035926 নম্বৰত জনাবৰ বাবে অনুৰোধ জনাইছে ৷ 
 

লগতে পঢ়ক : একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু, পৰিয়ালত নামি আহিছে অমানিশা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.