হোটেলৰ কোঠালিত বিবাহিত মহিলাৰ আত্মহনন !

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:07 PM IST

thumbnail

ধেমাজি, 11 জানুৱাৰী : ধেমাজি জিলাত ভয়ংকৰ ঘটনা ৷ ধেমাজিৰ শিখা হোটেলৰ এটা কোঠালিত বুধবাৰে নিশা এগৰাকী মহিলাৰ মৃতদেহ ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ মৃত মহিলাগৰাকী তিতাবৰৰ পল্লৱী শইকীয়া বুলি জানিব পৰা গৈছে ৷ 

জানিব পৰা মতে বিবাহিত মহিলাগৰাকীয়ে নিজ প্ৰেমিকক লগ কৰিবলৈ আহিছিল ৷ কেশৱ গগৈ নামৰ যুৱকজনৰক লগত মহিলাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিবলৈ পৰা গৈছে ৷ কেশৱক লগ কৰিবলৈকে মহিলাগৰাকীয়ে বুধবাৰে ধেমাজিলৈ আহিছিল ৷  

তাৰ পিচতে কেশৱে মহিলাগৰাকীক ফোন কৰি থকাত মহিলাগৰাকীয়ে ৰিচিভ নকৰাত সন্দেহ উপজি মহিলাগৰাকীয়ে থকা হোটেললৈ আহোঁতে মহিলাগৰাকীৰ উলমি থকা মৃতদেহটো দুৱাৰৰ ফাকেৰে দেখা পাই ৷ লগে লগে যুৱকজনে আৰক্ষীক এই ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ 

ইয়াৰ পিচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে নিশাই যুৱকজনক সোধা পোছাৰ বাবে আৰক্ষীয়ে থানালৈ লৈ আহে ৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে ঘটনাৰ সবিশেষ জনোৱা নাই ৷

লগতে পঢ়ক: কৰিমগঞ্জত ছাত্ৰীবাসৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.