Morigaon buffalo fights : কলমৌবাৰীত গোনা ম’হৰ সমানে গুৱালৰ মাজতো লাগিল যুঁজ; তাকে দেখি হতভম্ব দৰ্শক

By

Published : Feb 27, 2023, 4:15 PM IST

thumbnail

মৰিগাঁও, 27 ফেব্ৰুৱাৰী : সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিচতো ৰাজ্যৰ কেইবাটাও স্থানত ইতিমধ্য অনুষ্ঠিত হ’ল বহু ম’হ যুঁজ (SC ban on buffalo fight) ৷ অইনবাৰৰ লেখীয়াকৈ এইবাৰো মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত কলমৌবাৰীত দেওবাৰে অনুষ্ঠিত হয় পৰম্পৰাগত ম’হ যুঁজ (Buffalo fight in Morigaon) ৷ ইমানলৈকে সকলো ঠিকেই আছিল ৷

বহু গোৱালে নিজৰ নিজৰ ম’হক যুঁজাবলৈ উপস্থিত হ’ল মৰিগাঁৱৰ কলমৌবাৰীত ৷ অৱশেষত এই ম’হ যুঁজৰ অন্তত ঘোষণা কৰা হ’ল শ্ৰেষ্ঠ যুঁজাৰু ম’হ নাম ৷ তাৰ পাচতেই কলমৌবাৰীত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ ক’ত, কি হ’ল কোনেও ধৰিবকে নোৱাৰিলে ৷ আনকি তেজেৰে লুতুৰি-পুতুৰি হ’ল কেবাজনো লোক ৷

এই ঘটনা বিষয়ে গম পাই উক্ত স্থানত আৰক্ষী আহি উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ আনকি আহতসকলক প্ৰথমাৱস্থাত প্ৰাৰ্থমিক চিকিৎসাৰ বাবে দেওবাৰে বিয়লিভাগত ভৰ্তি কৰোৱা হয় জালুগুটি ৰাজ্যিক চিকিৎসালয়ত ৷ কিন্তু আহত কেবাজনো লোকৰ অৱস্থা কিছু বেয়াৰ ফালে গতি কৰাত তেওঁলোকক সোমাবাৰে মৰিগাঁও ছহীদ তিলক হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক : Buffalo fight in Nagaon : ২৫ হাল ম’হৰ যুঁজত কঁপিল গোমোঠা গাঁৱৰ পথাৰ

আনহাতে, আহত এজন যুৱকে উল্লেখ কৰা অনুসৰি, এই ম’হ যুঁজত হাৰিছিল তেওঁলোকৰ দলৰ ম’হ ৷ কিন্তু এই ম’হ যুঁজত শ্ৰেষ্ঠ শিতাপ দখল কৰা ম’হৰ দলটোৱেহে প্ৰথমে হৰা দলটোক আক্ৰমণ কৰে ৷ ফলত ম’হ যুঁজত হৰা দলটোৰ কেবাজনো লোক গুৰুত্বৰভাৱে আহত হয় ৷

কলমৌবাৰী ম’হ যুঁজত জিকিও কিয় ম’হৰ গৰাকীয়ে হৰা ম’হৰ গোৱালসকলক আক্ৰমণ কৰিলে সেই সন্দৰ্ভত তেওঁলোক অৱগত নহয় ৷ ইফালে বাতৰি যুগুত কৰাৰ কিছু সময়ৰ পাচতে ভুক্তভোগী ম’হৰ গৰাকী আৰু  ম’হৰ গোৱালসকলে মিকিৰভেটা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে ম’হ যুঁজত দুই ফৈদৰ মাজত লগা সৃষ্টি হোৱা এই সংঘাতত কোন দোষী সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : Buffalo Fight: ৰহাৰ আঁহতগুৰি আৰু দেউবালিত পৰম্পৰাগত ম’হ যুঁজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.