Elephant attack in Majuli: মাজুলীত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন

By

Published : Apr 25, 2023, 8:52 AM IST

thumbnail

মাজুলী, 25 এপ্ৰিল : মাজুলীত অঘটন ৷ সোমবাৰে সত্ৰ নগৰী মাজুলীত হাতীৰ আক্ৰমণত আহত হৈছে এজন লোক ৷ আহত লোকজন মাজুলীৰ গায়ন গাঁৱৰ সোনাৰাম শইকীয়া (55) বুলি জানিব পৰা গৈছে (Elephant attack in Majuli) ৷ বিৱৰণি অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত গৰুৰ এটা খুটি আছে সোনাৰামৰ (Man injured in wild elephant attack in Majuli) ৷ অন্যদিনাৰ দৰে সোমবাৰেও ব্ৰহ্মপুত্ৰৰ চাপৰিৰ গৰু খুটিত গৰু বান্ধিবলৈ গৈছিল সোনাৰাম ৷ তেনে হঠাতে এটা বনৰীয়া হাতীয়ে সোনাৰামলৈ বুলি চোচা লয় ৷ আনকি বনৰীয়া হাতীটোৱে আক্ৰমণো কৰে সোনাৰামক ৷

হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় সোনাৰাম ৷ পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোকৰ তৎপৰতাত আহত সোনাৰাম শইকীয়াক গড়মূৰ পিতাম্বৰ দেৱগোস্বমী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বাতৰি যুগুত কৰা পৰলৈকে গড়মূৰ পিতাম্বৰ দেৱগোস্বমী জিলা চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে হাতীৰ আক্ৰমণত আহত সোনাৰাম শইকীয়া  ৷

উল্লেখ্য যে, পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল আহত সোনাৰাম শইকীয়া (Wild Elephant Attack in Majuli) ৷ পশু পালনেৰে পৰিয়াল পোহ-পাল দি ব্যক্তিজনৰ এই অৱস্থা হোৱাত চিন্তিত হৈ পৰিছে সোনাৰামৰ পৰিয়ালটো ৷ উপায়ন্তৰ হৈ এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ লগতে অঞ্চলটোত এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে বন বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে (Man injured in elephant attack in Majuli) ৷

লগতে পঢ়ক: Heavy storm: টিংখাঙত ধুমুহাই ম্লান কৰিলে ৰঙালীৰ আনন্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.