Road Accident in Nalbari : নলবাৰীৰ মৰোৱাত দুই বাইকৰ মুখামুখী সংঘৰ্ষ; আহত এজন

By

Published : Jan 16, 2023, 10:26 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিহুৰ আনন্দ উল্লাসৰ মাজতে নলবাৰীৰ মৰোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Nalbari)। পহিলা মাঘৰ দিনাই নলবাৰীৰ মৰোৱাত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এজন লোক গুৰুতৰভাৱে আহত হয় । হাজো-নলবাৰী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

নলবাৰীৰ পিপলীবাৰীৰ পৰা দিলীপ কুমাৰ হালৈ নামৰ লোকজনে বিহু খাই(Magh Bihu) তেওঁৰ AS 01 FF 9290 নম্বৰৰ চুপাৰ স্প্লেণ্ডৰ বাইকখনেৰে গুৱাহাটীলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS 14 N 6432 নম্বৰৰ বাইক এখনেৰে মুখামুখী সংঘৰ্ষ হয় (Bike collision in Nalbari)। দুৰ্ঘটনাটোৰ ফলত দিলীপ হালৈ নামৰ লোকজনৰ এখন ভৰি চিগি যায় ।

দুৰ্ঘটনাৰ শব্দ শুনি লগে লগে স্থানীয় লোকসকল উপস্থিত হৈ লোকজনক ১০৮ মৃত্যুঞ্জয় সেৱাৰে নলবাৰীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনহাতে AS 14 N 6432 নম্বৰৰ বাইকখনৰ চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.