Road accident at Digboi: ডিগবৈত সংঘটিত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন

By

Published : Dec 10, 2022, 8:17 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

শুকুৰবাৰে দিনৰ ভাগত ডিগবৈত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Digboi) ৷ তিনিচুকীয়া দিশৰ পৰা ডিগবৈ অভিমুখে গৈ থকা AS23 Y 3304 নম্বৰৰ এখন ALTO 800 বাহনে বগাপানী অঞ্চলৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা গৰুক বচাবলৈ যাওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ ফলত বাহনখনৰ সন্মুখভাগ ভাঙি সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে ৷ অৱশ্যে এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালক বিজয় বাৰ্মাৰ (47) (Man injured in a road accident at Digboi) ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজয় বাৰ্মাক প্ৰথমে ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.