Wild elephant attack in Raha: আমচৈত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ১ জন

By

Published : Jun 7, 2023, 2:07 PM IST

thumbnail

ৰহা,7 জুন: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict) ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে সৃষ্টি কৰিছে সন্ত্ৰাস (Elephant Attack in Raha) ৷ মঙলবাৰে নিশা আমচৈত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তী এটাই আক্ৰমণ কৰে হেনদেন মাৰাক নামৰ লোকজনক  ৷ জানিব পৰা মতে হেনদেন মাৰাক নামৰ লোকজনে নিজৰ বাৰীত কাম কৰি ঘৰলৈ উভতি আহি থকাৰ সময়তে বন্যহস্তীটোৱে হঠাৎ আক্ৰমণ কৰে ৷ সন্ধিয়া 7 মান বজাত সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আহত হয় হেনদেন মাৰাক ৷

ইফালে স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত বনৰীয়া হাতীটো পুনৰ বনাঞ্চললৈ সোমাই যায় ৷ ঘটনাৰ খবৰ পায়ে ধৰমতুল বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া আৰু আমচৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া লগতে আমচৈ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় (Amsoi police station) ৷  ইফালে আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় (Man admitted at GMCH) ৷ আহত লোকজনক বন বিভাগৰ ফালৰ পৰা কিছু আৰ্থিক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, উক্ত অঞ্চলটোত বন্যহস্তীয়ে নিতৌ দিনে-ৰাতিয়ে মুক্ত বিচৰণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে (Wild elephant attack in Raha) ৷

লগতে পঢ়ক:Two youth death: ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি শ্বিলঙৰ এজন যুৱকৰ, এজন নিখোঁজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.