Road accident at Mayang: মায়ঙৰ হিলৈখুন্দাত ব্ৰহ্মপুত্ৰত পৰিল চাৰিচকীয়া বাহন; নিহত 1

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:04 AM IST

thumbnail

গুৱাহাটী, 28 আগষ্ট : মায়ঙৰ হিলৈখুন্দাত অঘটন । পথৰ পৰা বাগৰি ব্ৰহ্মপুত্ৰ নদীত পৰিল এখন চাৰিচকীয়া বাহন । চনকাৰ ধাবাৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ এই বাহনখনত 5 জন যুৱক-যুৱতী আছিল বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ পৰা চনকাৰ ধাবা লৈ অহা দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নন্বৰ হৈছে AS 01 DX 5376 ৷

অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত উক্ত বাহনখনৰ আইনা ভাঙি যুৱক-যুৱতীকেইজনক উলিয়াই আনিবলৈ সক্ষম হয় ৷ এই দুৰ্ঘটনাটোৰ ফলত এজন আৰোহীৰ মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে । পৰৱৰ্তী পৰ্য়ায়ত আঘাতপ্ৰাপ্ত যুৱক-যুৱতী কেইজনক স্থানীয় ৰাইজে GMCH লৈ প্ৰেৰণ কৰে ৷ এই ঘটনাৰ পাচতে উক্ত অঞ্চলটোক সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

লগতে পঢ়ক : Assam flood report: বানৰ কৱলত ৰাজ্যৰ 6 খন জিলা; 50 সহস্ৰাধিক আক্ৰান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.