Majuli ferry service : আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

By

Published : Jun 24, 2023, 2:23 PM IST

thumbnail

মাজুলী, 24 জুন : মাজুলীবাসীৰ বাবে এক ভাল খবৰ ৷ হ্ৰাস পাইছে লুইতৰ জলস্তৰ ৷ যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । যাৰ পৰিপ্ৰেক্ষিতত মাজুলী নিমাতী ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷ কিন্তু আজিৰে পৰা অৰ্থাৎ শনিবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে মাজুলী নিমাতী ফেৰী সেৱা ।

অফলামুখৰ পৰা নিমাতীলৈ আৰু কমলাবাৰীৰ পৰা নিমাতীলৈ চলিছে ফেৰী । আজি ফেৰীসমূহ যাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰি চলাচল কৰিছে ৷ কাইলৈ পৰাহে নিয়মিতভাৱে ফেৰী সেৱা চলাচল কৰিব ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে ।

উল্লেখ্য যে, বিগত কেবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে বুৰাই পেলাইছিল ফেৰী ৰাখোৱা ৰেম্পসমূহ ৷ লগতে ফেৰীত উঠিবৰ বাবে যাত্ৰীসকল অহা যোৱা কৰা পথসমূহ বুৰ গৈছিল পানীৰ তলত । যাৰ বাবে শুকুৰবাৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হৈছিল মাজুলী নিমাতীৰ মাজত চলাচল কৰা ফেৰী সেৱা ।

লগতে পঢ়ক : Majuli Nimatighat ferry service : বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, অনিৰ্দিষ্টকাললৈ বন্ধ ফেৰী সেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.