Mahalaya celebration2023: মহালয়াৰ শুভ ক্ষণত মহিষাসুৰমর্দিনী নাট প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 11:54 AM IST

thumbnail

বঙাইগাঁও, 14 অক্টোবৰ : আজি শুভ মহালয়া ৷ আজিৰ দিনটোতে ধৰাৰ বুকুলৈ নামি আহিব দেৱী দুৰ্গা মা ৷ ধৰাৰ বুকুলৈ দেৱী দুৰ্গা মাক ধৰ্মীয় পৰম্পৰাগতভাৱে পূজা অৰ্চনা আগবঢ়াই আগমনৰ বাবে সাজু হৈছে বঙাইগাঁৱৰ ৰাইজ ৷

বঙাইগাঁৱত শুভ মহালয়া উপলক্ষে এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ শনিবাৰে পুৱা পাঁচ বজাৰ পৰা বঙাইগাঁও সদৰ চহৰৰ ষ্টেচন ৰোডত অনুষ্ঠিত হয় মহালয়াৰ বিভিন্ন কাৰ্যসূচী, সাংস্কৃতিক অনুষ্ঠান ৷ মহালয়াৰ শুভ ক্ষণত মহিষাসুৰমর্দিনী নাট প্ৰদৰ্শন কৰা হয় ৷ পুৱাই দেখা গ’ল বঙাইগাঁৱৰ ৰাইজৰ অংশ গ্ৰহণ ৷ অন্বেষণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত মা দুৰ্গাক আগমন জনাই মাতৃ বন্দনাৰে শাৰদীয় প্ৰভাতী কাৰ্যসূচী ৰূপায়ণ কৰে সাংস্কৃতিক গোষ্ঠীৰ কৰ্মকৰ্তা আৰু সাংস্কৃতিক কৰ্মীসকলে ৷ পুৱাৰে পৰা শুভ মহালয়া পৰ্ব অনুষ্ঠান উপভোগ তথা দৰ্শন কৰিবলৈ শ শ লোকৰ ভিৰ পৰিলক্ষিত হয় ৷ বিভিন্ন সাংস্কৃতিক নৃত্য গীতৰ মাজেৰে বঙাইগাঁও চহৰত শুভ মহালয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক : Mahalaya 2023 : মহালয়া উপলক্ষে লোকাৰণ্য তেজপুৰৰ ঐতিহাসিক মহাভৈৰব মন্দিৰৰ প্ৰাংগন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.