Mahalaya 2023 : পূজাৰীৰ মন্ত্ৰ উচ্চাৰণেৰে ডিব্ৰুগড়বাসীয়ে পালন কৰিলে মহালয়া

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 12:06 PM IST

thumbnail

ডিব্ৰুগড়, 14 অক্টোবৰ: মহালয়া উপলক্ষে ডিব্ৰুগড়ৰ কাছাৰীঘাটত উখল-মাখল পৰিৱেশ । পুৱাই ডিব্ৰুগড়ৰ ৰাইজ ওলাই আহিছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটলৈ । পূজাৰীৰ মন্ত্ৰ উচ্চাৰণেৰে এক আধাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ডিব্ৰুগড়ৰ কাছাৰীঘাটত । 

প্ৰতি বছৰৰ দৰে এইবাৰো ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়াৰ ধৰ্মীয় নীতি-নিয়ম পালন কৰিছে ডিব্ৰুগড়ৰ ৰাইজে । হিন্দু পৌৰাণিক বিশ্বাস অনুসৰি, আজিৰ দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক দমনৰ বাবে দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল । আজিৰ দিনটোতে দেৱী দুৰ্গাই পৃথিৱীলৈ আগমন কৰা বুলি লোকবিশ্বাস প্ৰচলিত । 

হিন্দু বিশ্বাস অনুসৰি, দেৱী দুৰ্গাই মহালয়াত তেওঁৰ পিতৃক লগ পাবলৈ ধৰালৈ নামি আহে । সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰতো আজি দবা-শংখৰ ধ্বনিৰে মহিষমৰ্দিনীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । 

লগতে পঢ়ক: Mahalaya 2023 : মা দুৰ্গাক আদৰিবলৈ মৰাণৰ ৰাজপথত পুৱাই ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.