Mahalaya 2023 : মা দুৰ্গাক আদৰিবলৈ মৰাণৰ ৰাজপথত পুৱাই ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 9:53 AM IST

thumbnail

মৰাণ, 13 অক্টোবৰ: মহালয়া উপলক্ষে ডিব্ৰুগড়ৰ মৰাণৰ ৰাজপথ পুৱাই লোকাৰণ্য হৈ পৰে । ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়াত প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই আহে মৰাণৰ ৰাইজ । শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক মৰ্ত্যত আদৰিবৰ বাবে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ ৷ 

মা দুৰ্গাক আদৰিবলৈ মৰাণৰ ৰাজপথত পুৱাই অগণন ভক্তৰ ব্যাপক ভিৰ পৰুলক্ষিত হয় । প্ৰতিবছৰৰ দৰে এইবাৰো দুৰ্গা পূজাৰ আগমনক লৈ ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে মৰাণৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত । মহালয়াৰ দিনটোত পুৱাই প্ৰাতঃভ্ৰমণলৈ আহি ৰাজ্যবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালে জনপ্ৰিয় কণ্ঠশিল্লী কুসুম কৈলাশে । শাৰদীয় দুৰ্গা পূজাৰ পিছতে নতুন গান মুকলি কৰিব বুলি জনায় জনপ্ৰিয় কণ্ঠশিল্লী কুসুম কৈলাশে ।

লগতে পঢ়ক: Mahalaya 2023 : মহালয়াৰ দিনটোত লোকাৰণ্য যোৰহাটৰ ৰাজপথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.