Mahalaya 2023:তিনিচুকীয়াত পবিত্ৰ মহালয়া উপলক্ষে অগণন জনতাৰ সমাগম

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:38 AM IST

thumbnail

তিনিচুকীয়া, ১৪ অক্টোবৰ : আজি শনিবাৰ পবিত্ৰ মহালয়া ৷ জনবিশ্বাস মতে, আজিৰ দিনটোতেই মা দূৰ্গাৰ আগমন ঘটে ধৰিত্ৰীলৈ ৷ গতিকে মহালয়া সমগ্ৰ অসমতে অতিকে উলহ-মালহেৰে উদযাপন কৰা হয় ৷ মহালয়া উপলক্ষে পুৱতিনিশাৰ পৰা বাণিজ্যিক চহৰ তিনিচুকীয়াৰ ৰাজপথত অগণন জনতাৰ সমাগম হয় ৷

তিনিচুকীয়াৰ থানা চাৰিআলিত পুৱতিনিশাৰ পৰা সাংস্কৃতিক সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেশ্যন সহযোগত উদযাপন কৰা হয় পবিত্ৰ মহালয়াৰ কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত পবিত্ৰ মহালয়াৰ লগত সংগতি ৰাখি ইনাৰ হুইল ক্লাৱ তিনিচুকীয়া আৰু জাগৃতি ডান্স একাডেমিৰ উদ্যোগত কলা-কুশলীয়ে “মহিষাসুৰ ৰ্মদিনী” নামৰ এখন নাট পৰিৱেশন কৰে আৰু উক্ত নাটখন উপভোগ কৰি তিনিচুকীয়াৰ অগণন ভক্ত মোহিত হৈ পৰে ৷

লগতে পঢ়ক : Mahalaya 2023 : আজি শুভ মহালয়া; পুৱতি নিশাই লোকাৰণ্য টীয়কৰ ৰাজপথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.