৫০ ফুট দীঘল পেঁপা নিৰ্মাণেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 3:38 PM IST

thumbnail

মিৰ্জা, ১৬ জানুৱাৰী: দক্ষিণ কামৰূপৰ সৰপাৰাস্থিত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত প্ৰদৰ্শনীমূলকভাৱে ১৫০ ফুট ওখ মেজি সজা হৈছে । তদুপৰি ৫০ ফুট দীঘল পেঁপা নিৰ্মাণেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । সৰপাৰা ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে চলিবলগা মাঘী মেলাৰ জড়িয়তে প্ৰদৰ্শিত হ'ব এই বৃহৎ মেজি আৰু পেঁপা ।  

এই মাঘী মেলাত প্ৰতিটো দিনেই কণী যুজঁ, কুকুৰা যুঁজ আদি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । লগতে থলুৱা ব্যঞ্জনেৰে এসাজ খাব পৰাৰো ব্যৱস্থা থাকিব মাঘী মেলাৰ বাকৰিত । থলুৱা একাংশ শিল্পীৰ জড়িয়তে এই বৃহৎ মেজি আৰু পেঁপা খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে । এই মাঘী মেলাত থলুৱা সাজ-পাৰ, খাদ্য, সা-সামগ্ৰী আদিৰ বিপণিও থাকিব । প্ৰতিটো সন্ধিয়া মাঘী মেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ।

লগতে পঢ়ক:ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পহিলা মাঘত ভক্তৰ সমাগম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.