Bishwakarma Puja 2023: থলুৱা শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাইছে মৃণ্ময় প্ৰতিমাই

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:01 PM IST

thumbnail

কলিয়াবৰ,১৭ ছেপ্টেম্বৰ: কাইলৈ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা । ৰাজ্যজুৰি চলিছে বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি । কলিয়াবৰতো পূজাৰ ভীষণ ব‍্যস্ততা । ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । এনে সময়তে চৰ্চালৈ আহিছে এগৰাকী বিশেষ শিল্পীৰ নাম । বিগত ৩০ বছৰ ধৰি এই শিল্প কৰ্মৰ সৈতে জড়িত হৈ আহিছে মৃণ্ময় শিল্পীগৰাকী । কলিয়াবৰৰ নাগশংকৰ গাঁৱৰ নিৱাসী মৃন্ময় শিল্পী ধীৰেন বৰঠাকুৰৰ শিল্পটো আগবঢ়ায় নিয়াৰ মন ।  

মনসা দেৱী, গণেশ, বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব‍্যস্ত হৈ পৰিছে শিল্পীগৰাকী । কাইলৈ পালন হ'বলগীয়া বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান-ব‍্যক্তিৰ বাবে শ্ৰীশ্ৰীবিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ সম্পূৰ্ণ কৰিছে শিল্পীগৰাকী । দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণেৰে সমাদৃত হোৱা কলিয়াবৰৰ নাগশংকৰ গাঁৱৰ প্ৰসিদ্ধ মৃণ্ময় শিল্পী ধীৰেন বৰঠাকুৰৰ খনিকৰশালত বহু বছৰৰ পাছত এইবেলি শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ প্ৰতিমা নিৰ্মাণ হ'ব ।  

সহায়কাৰী কৰ্মীৰ অভাৱ আৰু শাৰীৰিক অসুস্থতাৰ মাজেৰে এই শিল্প জীয়াই ৰখাৰ চেষ্টা অব‍্যহত ৰাখিছে তেওঁ । এই শিল্পৰ প্ৰতি নতুন চামৰ অনিহাৰ বাবে মৃৎ শিল্পৰ ভৱিষ‍্যতক লৈ সন্দিহান বৰঠাকুৰ । তথাপিও মূৰ্তি নিৰ্মাণত ব‍্যস্ত হৈ পৰিছে বৰঠাকুৰ । বিশ্বকৰ্মাৰ পূজাৰ পাছতেই হ'বলগা গণেশ পূজাৰ বাবে ব‍্যস্ত হৈ পৰিছে তেওঁ । ধীৰেন বৰঠাকুৰ এনে শৈল্পীক কৰ্মত উদগনি যোগাবলৈ অসম চৰকাৰে যোৱাবাৰলৈকে মুঠ তিনিবাৰ ৫০ হাজাৰ টকাৰ এককালীন সাহায‍্য আগবঢ়াইছে ।  

এককালীন সাহায‍্য লাভ কৰি সুখী যদিও জীৱনৰ ৬৫ টা বছৰ অতিক্ৰম কৰি মৃণ্ময় শিল্পকে সাৰোগত কৰি এতিয়ালৈকে জীৱনটো আগবঢ়ায় নিছে । কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে শাৰীৰিক আৰু মানসিকভাৱে কিছু জটিলতা আহি পৰাত ৰাজ‍্য চৰকাৰৰ পৰা আগবঢ়োৱা শিল্পী পেঞ্চনটো লাভ কৰিলে এক সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ।  

লগতে পঢ়ক: Effigy burnt: নিজ সমষ্টিতে জ্বলিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.