Effigy burnt: নিজ সমষ্টিতে জ্বলিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 12:40 PM IST

thumbnail

নলবাৰী,১৭ ছেপ্টেম্বৰ: বিতৰ্কই আজিও লগ এৰা নাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক । নিজ সমষ্টি ধৰ্মপুৰতে জ্বলিল চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি । ধৰ্মপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু নলবাৰী জিলা NSUIৰ সহযোগত চামতাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মন্ত্ৰী পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে কংগ্ৰেছে ।  

বিধানসভা অধিবেশনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়ক অখিল গগৈক বুঢ়া আঙুলি দেখুৱাই অভব্য আচৰণ কৰা কাৰ্যৰ ওপৰত ক্ষুণ্ণ হৈ যুৱ কংগ্ৰেছে ধৰ্মপুৰ সমষ্টিৰ লগতে নলবাৰী জিলাখনকে লজ্বানত কৰা বুলি অভিযোগ উত্থাপন কৰে । আনহাতে প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ হায় হায়, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰীৰ মন্ত্ৰী পদ খাৰিজ কৰক আদি ধ্বনিৰে চামতাৰ পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: Lakhimpur News: ব্যৱহাৰ নকৰোতে নকৰোতে লতাই বেৰিলে 50 লাখ টকীয়া বৈদ্যুতিক শৱ দাহন যন্ত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.