মৰিয়নীত বৰ্তমানেও অব্যাহত নাহৰফুটুকীৰ আতংক

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 5:26 PM IST

thumbnail

মৰিয়নি,১৭ নৱেম্বৰ: যোৰহাটৰ মৰিয়নিত বৰ্তমানেও নাহৰফুটুকীৰ আতংক অব্যাহত । নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় জনসাধাৰণ আৰু আতংকিত লোকসকলে এক প্ৰকাৰ গৃহবন্দী হৈ দিন পাৰ কৰিবলগীয়া হৈছে । মৰিয়নীৰ জ্যোতিনগৰত বৰ্তমান সৃষ্টি হৈছে লকডাউন সদৃশ এক পৰিৱেশ । নাহৰফুটুকী বাঘৰ নিৰৱচ্ছিন্ন আক্ৰমণত শিশুৰ পৰা আৰম্ভ কৰি কেইবাজনো লোক আক্ৰান্ত হৈছে । আনহাতে বুধবাৰে সন্ধিয়াৰ ভাগত নাহৰফুটুকীৰ আক্ৰমণত এটি ১০ বছৰীয়া শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ।  

সেই ঘটনাৰ পিছতে শিক্ষানুষ্ঠান আৰু বিভিন্ন অঞ্চলত বনৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তুলিছিল । কিন্তু শুকুৰবাৰে দেখা পোৱা গ'ল এখন বিপৰীত ছবি । শুকুৰবাৰৰ দিনটোত জ্যোতিনগৰৰ উক্ত অঞ্চলটোত নাই এজনো বনৰক্ষী জোৱান । দুটা পিঞ্জৰা আৰু দুটা ট্ৰেকিং কেমেৰা লগায় দায়িত্ব সামৰিলে বিয়াগোম বন বিভাগে । বন বিভাগৰ ব্যৰ্থতাৰ বাবে শিক্ষানুষ্ঠানসমূহত দুৱাৰ-খিৰিকী মাৰি শ্ৰেণী কোঠাত শিক্ষকে পাঠদান কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে  ।  

লগতে পঢ়ক: বাঘৰ ভয়ত নিৰাপত্তা বেষ্টনীৰ মাজত পাঠদান শিক্ষাৰ্থীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.