বাঘৰ ভয়ত নিৰাপত্তা বেষ্টনীৰ মাজত পাঠদান শিক্ষাৰ্থীক

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:28 PM IST

thumbnail

যোৰহাট, 16 নৱেম্বৰ: মৰিয়নীত নাহৰফুটুকীৰ ত্ৰাস অব্যাহত । বুধবাৰে নিশাৰ ভাগত নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল এটি ১০ বছৰীয়া শিশু ৷ কথমপি প্ৰাণৰক্ষা পৰিছিল শিশুটিৰ । বাঘৰ মুক্ত বিচৰণৰ ফলত মৰিয়নীত কেইবাখনো বিদ্যালয়ত বন বিভাগৰ নিৰাপত্তাৰক্ষীৰ পহৰাৰ মাজত পাঠদান চলাই নিবলৈ বাধ্য হৈছে বিদ্যালয় কৰ্তৃপক্ষ ৷ কাৰণ কোন সময়ত নাহৰফুটুকীয়ে কাক আক্ৰমণ কৰে সেয়া কোনোৱে ক'ব নোৱাৰে ৷ সেয়েহে ছাত্র-ছাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰক্ষীৰ পহৰাৰ মাজত বিদ্যালয়ত পাঠদান আৰু অনান্য কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে শিক্ষক ৷ 

আনহাতে বাঘৰ মুক্ত বিচৰণ বাবে মৰিয়নী নগৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ নগৰৰ বাসিন্দাসকলে বাঘৰ ভয়ত নিশাৰ ভাগত অহা-যোৱা বন্ধ কৰি দিছে ৷ ফলত ঘৰতেই আৱদ্ধ হ'বলগীয়া হৈছে লোকসকল । বিগত প্ৰায় এসপ্তাহ ধৰি মৰিয়নী নগৰৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰৈৰ ফৰেষ্ট কলনীত উপদ্ৰৱ চলাই আহিছে নাহৰফুটুকীটোৱে ৷ নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বন বিভাগ । ৫ দিনৰ পূৰ্বে ফৰেষ্ট কলনীত এটা পিঞ্জৰা পাতিয়েই দায়িত্ব সামৰিলে বন বিভাগে ৷

লগতে পঢ়ক: চুৰি কৰা বাইকেৰে বন্ধুক লৈ গৈছিল প্ৰেয়সীক লগ কৰিবলৈ, বশিষ্ঠত পৰিল ধৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.