Explosives recovered in Tinsukia:তিনিচুকীয়াৰ উপৰ মামৰণীত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

By

Published : Jul 29, 2023, 8:20 PM IST

thumbnail

তিনিচুকীয়া, ২৯ জুলাই : দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনিৰ তিনিচুকীয়াত উদ্ধাৰ হৈছে এক বৃহৎ পৰিমাণৰ বিস্ফোৰক ৷ বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তিনিচুকীয়াৰ উপৰ মামৰণীত উদ্ধাৰ কৰিছে বিস্ফোৰকখিনি । হেমন্ত বৰা নামৰ এজন লোকৰ বাৰীত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় বিস্ফোৰকখিনি ৷

ঘটনাস্থলীত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত আৰক্ষী তথা সেনা বাহিনীয়ে উপস্থিত হৈ বিস্ফোৰকখিনি উদ্ধাৰ কৰি ডিগবৈলৈ লৈ যায় ৷ ইয়াৰ লগে লগে আৰম্ভ কৰিছে তদন্ত ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বিস্ফোৰকখিনিৰ ওজন প্ৰায় ৮ কেজি ৷ এই সন্দৰ্ভত পৰিয়ালে জানিবলৈ দিয়া অনুসৰি আৰক্ষী-সেনা বাহিনীৰ দল উপস্থিত হৈ পৰিয়ালক সোধাপোচা কৰাৰ লগতে বাৰীত বিস্ফোৰক থকাৰ বিষয়ে সেই সময়ত অৱগত কৰে ৷ সমগ্ৰ ঘটনাটোৰ বিষয়ে পৰিয়ালটো সম্পূৰ্ণৰূপে অজ্ঞাত বুলি জানিব পৰা গৈছে যদিও আৰক্ষীৰ পৰা বৰ্তমানলৈকে কোনো মন্তব্য লাভ কৰা হোৱা নাই ।

লগতে পঢ়ক : Robbery Incident: কাকপথাৰ-ডুমডুমা পথত চলন্ত গাড়ীত কণী মাৰি ডকাইতিকাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.