Fake gold seized: কাহিলীপাৰাত জব্দ নকল টকা নকল সোণ; দুজনক গ্ৰেপ্তাৰ

By

Published : Aug 8, 2023, 10:17 AM IST

thumbnail

গুৱাহাটী, ৮ আগষ্ট : ৰাজ্যত অব্যাহত আছে নকল নোট আৰু নকল সোণৰ বেহা । সোমবাৰে নিশা মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰত এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত অভিযান‌ চলাই আৰক্ষীয়ে । আৰক্ষীৰ অভিযান‌ত কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ গৃহ নং ২০ ৰ এটা ভাড়াঘৰত বুজন পৰিমাণৰ নকল নোটসহ নকল টকা প্ৰস্তুত কৰা মেচিন জব্দ কৰা হৈছে ।

এই অভিযানতে আৰক্ষীৰ দলটোৱে লগতে উদ্ধাৰ কৰে নকল সোণৰ নাও, সোণৰ টুকুৰা, যীশু খ্ৰীষ্টৰ এটা মূৰ্তিৰ লগতে চাৰি পাত সোণৰ খাৰু । জানিব পৰা মতে, আৰক্ষীয়ে জব্দ কৰা নকল টকাখিনিৰ পৰিমাণ হৈছে ১ লাখ ৩ হাজাৰ ৫০০ টকা ৷ আনকি সোমবাৰে চলোৱা এই অভিযানত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰচিদুল হক আৰু ফাৰুক আহমেদ নামৰ দুজন লোককো ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ধৃত লোক দুজনৰ ঘৰ লখিমপুৰৰ বিহপুৰীয়াত । বিগত চাৰি মাহ ধৰি কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ গৃহ নং ২০ ত ভাড়াতিয়া হিচাপে থাকি অবৈধ্যভাৱে কাৰ্যকলাপ কৰি আছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Fake Currency seized : যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ নকল নোট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.