তিনিচুকীয়াত খেল মহাৰণ কাৰ্যসূচীৰ ফুটবলৰ চূড়ান্ত খেল উদ্বোধন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:57 PM IST

thumbnail

তিনিচুকীয়া, ১০ ডিচেম্বৰ: ৰাজ্যজুৰি অব্যাহত আছে খেল মহাৰণ কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিৰ চট’ টিংৰাই খেলপথাৰত তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত খেল মহাৰণ কাৰ্যসূচীৰ ফুটবল খেলৰ চূড়ান্ত খেলাখন অনুষ্ঠিত কৰা হয় । যোৱা 7 ডিচেম্বৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ আজি সামৰণি অনুষ্ঠানত চূড়ান্ত খেলখনৰ উদ্বোধন কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷

মন্ত্ৰীগৰাকীয়ে খেলখন উদ্বোধন কৰাৰ প্ৰাকমুহূৰ্তত বিহু, ঝুমুৰকে আদি কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী উপভোগ কৰে ৷ পৰৱৰ্তী সময়ত চূড়ান্ত খেলখন উপভোগ কৰি শ্ৰমমন্ত্ৰীগৰাকীয়ে এনে মহান পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে ৷ এই পদক্ষেপৰ জৰিয়তে গাঁৱে-ভূঞে বহু সুপ্ত প্ৰতিভাৰ বিকশিত হ’ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: ৰাইজৰ বাবে মুকলি হ’ল দীপৰ বিলৰ পাৰৰ বনভোজথলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.