Keshab Mahanta visit Hatimura durga Mandir:পৱিত্ৰ শাওন মাহৰ শেষৰ সোমবাৰৰ আগনিশা মন্দিৰ দৰ্শন মন্ত্ৰী কেশৱ মহন্ত

By

Published : Aug 7, 2023, 7:33 PM IST

thumbnail

কলিয়াবৰ, 7 আগষ্ট : কলিয়াবৰৰ দশভূজা দুৰ্গা মন্দিৰত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত ৷ পৱিত্ৰ শাওন মাহৰ শেষৰ সোমবাৰৰ আগনিশা মন্দিৰত সেৱা ল’লে মন্ত্ৰীজনে ৷ হিন্দুৰ আৰাধ্য দেৱতা মহাদেৱ শিৱক পূজা কৰা পৱিত্ৰ শাওন মাহৰ ব’লব’ম উপলক্ষে হাজাৰ হাজাৰ ব’লব’ম যাত্ৰী-দৰ্শনাৰ্থীৰ সমাগমৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে কলিয়াবৰৰ হাতীমূৰাত । ব’লব’মৰ চতুৰ্থটো সপ্তাহত হাতীমূৰাত ভিৰ কৰিছেহি অগণন ভক্তই । নিশাৰে পৰা শিৱভক্তৰ নাম-কীৰ্ত্তনেৰে মুখৰিত হৈ পৰিছে হাতীমূৰা মন্দিৰ ।

হাতীমূৰাৰ দুৰ্গা মন্দিৰ চৌহদৰ শিৱ মন্দিৰলৈ সমাগম ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ব'লব’ম যাত্ৰীৰ । লোকে-লোকাৰণ্য হৈ পৰিছে হাতীমূৰা মন্দিৰৰ চৌহদ । শাওন মাহৰ শেষৰ সোমবাৰৰ আগনিশা হাতীমূৰা দূৰ্গা মন্দিৰ আৰু শিৱ মন্দিৰত সেৱা ল’লে মন্ত্ৰী কেশৱ মহন্তই । হাতীমূৰা মন্দিৰত ধৰ্মপ্ৰাণ ৰাইজৰ ভিৰ দেখি অভিভূত হৈ পৰে মন্ত্ৰী কেশৱ মহন্ত ।

লগতে পঢ়ক : Government pharmacies in Assam : সাধাৰণ ৰাইজক সকাহ দিয়াৰ স্বাৰ্থত স্থাপন হ'ব চৰকাৰী ফাৰ্মাচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.