Athgoan incident : আজি পৰ্যন্ত সন্ধান নাই মাতৃ-পুত্ৰৰ

By

Published : Jan 18, 2023, 5:11 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

"এইটো অত্যন্ত দুখলগা ঘটনা ৷ আমি নাজানো আঁঠগাৱত কিয় বছৰে বছৰে এনেকুৱা ঘটনা সংঘটিত হয় ৷ কালি মোক দিনত আঠগাঁৱৰ পৰা এগৰাকী মহিলাই দুই সন্তানসহ নদীত পৰা বুলি জানিবলৈ দিছিল ৷ কিন্তু তেওঁ পৰিছে নে আত্মহত্যা কৰিছে সেই কথা মই এতিয়াও নাজানো ৷ এতিয়ালৈকে এটা শিশু আমি ঘূৰাই পাইছো ৷ মাক আৰু অন্যটো শিশুক আমি ঘূৰাই পোৱা নাই, এছডিআৰএফ আৰু এনডিআৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে ৷ 

আমি আশা কৰিছো যে আমি জীৱন্ত অৱস্থাত যাতে পৰিয়ালটো ঘূৰাই পাব পাৰো ৷ কিয় এনে ঘটনা হ’বলৈ পালে, প্ৰকৃততে মহিলাগৰাকীয়ে পৰিলে নে জাঁপ মাৰিলে মই সেই বিষয়ত ৰাজহ চক্ৰ বিষয়গৰাকীক তদন্ত কৰিবলৈ নিৰ্দেশনা দিছো ৷ 

পুঠিমাৰীত এনে ঘটনা পূৰ্বেও সংঘটিত হৈছে ৷" আঠগাঁৱৰ ঘটনাস্থলীত উপস্থিত হৈ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই এই মন্তব্য প্ৰকাশ কৰে (MLA Diganta Kalita visited at Athgoan incident) ৷ সোমবাৰৰ পৰা উদ্ধাৰ অভিযান অব্যাহত থকাৰ পিছতো মঙলবাৰে এছডিআৰএফ আৰু এনডিআৰএফে উদ্ধাৰ কৰিব পৰা নাই মাতৃ পুত্ৰক ৷  

উল্লেখ্য যে সোমবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল । দাৰিদ্ৰতাই কাল নমাই আনিলে এটা পৰিয়াললৈ (Attempt to Suicide case at Baihata Chariali) ৷ দুই পুত্ৰক বুকুত বান্ধি লৈ মাতৃয়ে জাঁপ দিছিল পুঠিমাৰী নৈত (Mother with two sons Attempt to Suicide )।  

এই ঘটনা পৰিলক্ষিত কৰাৰ লগে লগে এগৰাকী স্থানীয় লোকে নদীত জাঁপ মাৰি কনিষ্ঠ পুত্ৰক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মাতৃ আৰু বৰপুত্ৰক উদ্ধাৰ কৰিব নোৱাৰিলে লোকজনে ৷ ঘটনাৰ খবৰ পাই স্থানীয় লোকে মহিলাগৰাকীৰ পৰিয়ালৰ লোকক খবৰ দিয়াৰ লগতে আৰক্ষীকো খবৰ দিয়ে ৷ ঘটনাৰ খবৰ পাই আৰক্ষীৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে (SDRF and NDRF started rescue operation) ৷ বৰ্তমানেও সন্ধান নাই মাতৃ আৰু ডাঙৰ পুত্ৰৰ ।

ইয়াৰ পিছতে মঙলবাৰে পুঠিমাৰী নৈৰ লোকাৰণ্য হৈ পৰা ঘটনাস্থলীত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা (Kamalpur MLA Diganta Kalita)উপস্থিত হয় । বিধায়ক গৰাকীয়ে সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও সংঘটিত হোৱা ঘটনাটো তাৎক্ষণিকভাৱে তদন্ত কৰিবলৈ কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক নিৰ্দেশনা দিয়ে।

লগতে পঢ়ক: Attempt to Suicide case: দুই পুত্ৰক বুকুত সাৱটি নদীত জাঁপ দিলে মাতৃয়ে

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.