Kali Puja celebration: নলবাৰীৰ বৰজাৰত তিনিদিনীয়াকৈ কালী পূজা উদযাপন

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 3:37 PM IST

thumbnail

বাক্সা,১২ নবেম্বৰ: আজিৰে পৰা আৰম্ভ হৈছে দীপাৱলী আৰু কালীপূজা । নলবাৰী জিলাৰ বৰজাৰত তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে একাদশ বাৰ্ষিক ৰাজহুৱা কালী পূজা মহোৎসৱ । দেওবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে এক বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰে উদ্যোক্তাসকলে । শোভাযাত্ৰাত লোকে লোকাৰণ্য হৈ পৰে নলবাৰী জিলাৰ বৰজাৰ । উক্ত ধৰ্মীয় শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এল আই চি ডেভলেপমেন্ট অফিচাৰ ভৱকান্ত বৰ্মনে ।  

ধৰ্মীয় শোভাযাত্ৰাত প্ৰায় দুই শতাধিক ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে পুৱাৰভাগত অনুষ্ঠিত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৰে বৰজাৰ মন্দিৰ নিৰ্মাণ কমিটিৰ সভাপতি ভূপেন চন্দ্ৰ কলিতা, বৰজাৰ হাইস্কুলৰ প্ৰধান শিক্ষক সত্যনাথ কলিতা, বৰমাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হালৈ, নলবাৰী জিলা আছুৰ উপ- সভাপতি মতিন আলী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক শাখাৰ সভাপতি মঃ চিন্তু আহমেদে ৷

লগতে পঢ়ক: Diwali 2023: দীপাৱলী উপলক্ষে মহানগৰীত উভৈনদী কলপুলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.