Electrictiy Staff Attack at Morioni : মৰিয়নীত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক দলবদ্ধ আক্ৰমণ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:16 PM IST

thumbnail

যোৰহাট, ৫ অক্টোবৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক দলবদ্ধ আক্ৰমণৰ ঘটনা । ১০-১২ জনীয়া এটা দলে উপৰ্যুপৰি আক্ৰমণ কৰে বিদ্যুৎ বিভাগৰ জুনিয়ৰ মেনেজাৰ নিলোৎপল বৰ্মনক । ঘটনাৰ বিৱৰণী অনুসৰি, মৰিয়নী বিদ্যুৎ সংমণ্ডলৰ জুনিয়ৰ মেনেজাৰ নিলোৎপল বৰ্মন আৰু ৰণ্টু নামৰ এজন কৰ্মচাৰীয়ে এটা টাৱাৰত মিটাৰ ৰিডিং লৈ নিজ কাৰ্যালয়লৈ ঘূৰি আহোঁতে চুৰি লাইন লগাই ৱেল্ডিঙৰ কাম কৰি থকা ঘটনা প্ৰত্যক্ষ কৰে । তাকে দেখি বিষয়াগৰাকীয়ে সতীৰ্থৰ সৈতে এনে কাম কিয় কৰিছে বুলি জবাবদিহি কৰে আৰু বিদ্যুৎ সংযোগ কৰা তাঁৰডাল জব্দ কৰে । ইয়াতে ক্ষোভিত হৈ চুৰিকৈ বিদ্যুৎ সংযোগ কৰি কাম কৰি থকা পিতা-পুত্ৰই উপৰ্যুপৰি আক্ৰমণ কৰে নিলোৎপল বৰ্মন নামৰ বিষয়াগৰাকীক । তাতেই ক্ষান্ত নাথাকি পিতা-পুত্ৰসহিতে ১০ জনীয়া দলে বাঁহ আৰু অন্যান্য সামগ্ৰীৰে আক্ৰমণ কৰি বিষয়াগৰাকীক গুৰুতৰভাৱে আহত কৰে । এই ঘটনা সংঘটিত হৈছে নকচাৰী মৰঙীয়াল গাঁৱত । ইতিমধ্যে ঘটনা সম্পৰ্কে মৰিয়নী বিদ্যুৎ বিভাগে মৰিয়নী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আনহাতে, বিদ্যুৎ বিভাগৰ বিষয়াক আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলটোৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.