Price hike in Assam: মূল্যবৃদ্ধিক লৈ সৰৱ যোৰহাট আছু

By

Published : Mar 1, 2023, 10:27 PM IST

thumbnail

যোৰহাট, ১মাৰ্চ: ৰাজ্য়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ । ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাটতো ইয়াৰ প্ৰভাৱ সমানেই পৰিছে । সেয়েহে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যোৰহাটৰ সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠনে । এই প্ৰসংগত যোৰহাট জিলা ছাত্র সন্থাৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰ (Jorhat AASU react on price hike)। নিম্ন মধ্যবিত্ত লোকক মাধমাৰ শোধাই ধাৰাবাহিকভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সা-সামগ্ৰী তথা পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি কৰি আহিছে ।

যোৰহাট জিলা ছাত্র সন্থাৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় পুনৰ কয় যে ধাৰাবাহিকভাৱে জনসাধাৰণ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে চৰকাৰে । ফলত সৰ্বসাধাৰণ ৰাইজ মূল্যবৃদ্ধি কৱলত পৰি কোঙা হৈ পৰিছে । চৰকাৰৰ এনে সিদ্ধান্তক যোৰহাট জিলা ছাত্র সন্থাই গৰিহণা দিয়ে ।

চহৰখনৰ একাংশ ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ আহিলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা হ'ব বুলি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি গাদী দখল কৰাৰ পিছত মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে ক্ৰমাগতভাৱে ইটোৰ পাচত সিটো সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটায় সাধাৰণ ৰাইজক কোঙা কৰিছে । চৰকাৰে জীয়াই থকাৰ সমলবোৰ নাইকিয়া কৰি পেলাইছে বুলি মত প্ৰকাশ কৰিছে যোৰহাটৰ একাংশ ৰাইজে ।

চহৰখনৰ একাংশ ৰাইজে কয় যে বছৰত প্ৰথমবাৰৰ বাবে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য (LPG cylinder price hike)। ঘৰুৱা আৰু বাণিজ্যিক ব্যৱহাৰৰ দুয়োটা ক্ষেত্ৰতে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱাত ৰাইজে সমস্য়াৰ সন্মুখীন হ'ব । তেল বিপণন কোম্পানীবোৰে (Oil Marketing Companies) বুধবাৰে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য প্ৰতিটোত ৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰতিটোৰ মূল্য ৩৫০ টকালৈকে বৃদ্ধি কৰাত ৰাইজৰ শংকাও বৃদ্ধি হোৱা বুলি কয় স্থানীয় ৰাইজে (LPG price goes up by Rs 50 for domestic)। উল্লেখ্য যে, ক্ৰমাগতভাৱে অসমত বিদ্যুৎ বিলৰ লগতে অন্যান্য খাদ্য সামগ্ৰী ধাৰাবাহিকভাৱে দাম বৃদ্ধি ঘটাই আহিছে ৰাজ্য চৰকাৰে । চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ জিলা ছাত্ৰ সন্থাৰ লগতে ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: Again Zubeen controversy: জুবিন গাৰ্গৰ অস্বাভাৱিক আচৰণক লৈ শিৱসাগৰত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.