অবৈধ গো-সৰবৰাহ বন্ধৰ দাবীত জোনাই মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান আছুৰ

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:59 PM IST

thumbnail

জোনাই, ৩০ ডিচেম্বৰ : সমগ্ৰ জোনাই মহকুমাত এক বিশাল অসাধু গো-ব্যৱসায়ী চক্ৰই গা কৰি উঠিছে ৷ এচাম মধ্যভোগীয়ে অনিয়ম আৰু চিণ্ডিকেটৰাজ চলাই থকাৰ অভিযোগ উঠিছে মহকুমাটোত । গো-ব্যৱসায়ীসকলে নীতি বৰ্হিভূতভাৱে গৰু সৰবৰাহ কৰাৰ লগতে দৈনিক জোনাই মহকুমাৰ পৰাই ৩০ৰ পৰা ৫০ খনকৈ গাড়ীৰে ধেমাজি জিলাৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বহিঃৰাজ্যলৈ গৰু সৰবৰাহ কৰা দৃষ্টিগোচৰ হৈছে সচেতন লোকৰ ।

বহু ব্যৱসায়ীয়ে কেৱল ব্যক্তিগত মুনাফাৰ স্বার্থত সকলো নীতি নিয়ম জলাঞ্জলি দি ৰমৰমীয়া বেপাৰ চলাই আহিছে । শেহতীয়াকৈ এই অসাধু গো-চক্ৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আছু ৷ শনিবাৰে জোনাই মহকুমাধিপতিক এই বিষয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আছু সদস্যই ৷ জোনাই মহকুমা প্ৰশাসনে এই অসাধু ব্যৱসায়ী আৰু মধ্যভোগীসকলৰ ওপৰত উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অবৈধ গো-সৰবৰাহ বন্ধৰ দাবী জনাই জোনাই মহকুমা আছুৱে ৷ 

লগতে পঢ়ক : আৰক্ষী পিতৃৰ চোৰ পুত্ৰ: ক’ত হেৰাল নীতিশিক্ষা ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.