বিৰোধী হিচাপে কংগ্ৰেছৰ কোনো সমষ্টিতে অস্তিত্ব নাই : জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 2:25 PM IST

thumbnail

ডিব্ৰুগড়, 18 ডিচেম্বৰ : ‘‘ৰাজ্যত বিৰোধী ঐক্যমঞ্চ গঠন কৰি লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আত্মবিশ্বাসী হৈ থকা কংগ্ৰেছ দলৰ কোনো সমষ্টিতে অস্তিত্ব নাই ৷’’ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । সোমবাৰে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ গণেশবাৰী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত "বিকশিত ভাৰত সংকল্প যাত্ৰা"ৰ অনুষ্ঠানত অংশলৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে অসম চৰকাৰৰ মন্ত্ৰী বৰুৱাই ।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে - লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰে এঘাৰখন আসন লাভ কৰিব । বাকী থকা আসনতো কংগ্ৰেছ দল নাই । ক’ৰবাত AIUDF আন ক’ৰবাত বেলেগ দলহে আছে । গোটেই 14 টা লোকসভা সমষ্টিত চালেও দেখা পোৱা যায় কংগ্ৰেছৰ কোনো অস্তিত্ব নাই । কেবাখনো ৰাজ্যত পৰাজিত হৈ আত্মসমালোচনা কৰা নাই কংগ্ৰেছে’’ ।

আনহাতে, মন্ত্ৰীগৰাকীয়ে হ’বলগা ডিমা হাছাও নিৰ্বাচনত বিজেপিয়ে 100 % ভাল ফলাফল দেখুৱাব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

লগতে পঢ়ক : ’24 নিৰ্বাচন : ডিব্ৰুগড়-তেজপুৰ-বৰপেটা-গুৱাহাটীত অজাপই প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.