Bajrang Dal Arms training: ৰাষ্ট্ৰীয় বজৰং দলৰ বিৰুদ্ধে এজাহাৰ দাখিল জাতীয় যুৱ বাহিনীৰ

By

Published : Aug 1, 2023, 8:33 PM IST

thumbnail

যোৰহাট, ১ আগষ্ট : ৰাষ্ট্ৰীয় বজৰং দল বিৰুদ্ধে ৰাইজৰ দলৰ ভ্ৰাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে যোৰহাট সদৰ থানাত দাখিল কৰে এজাহাৰ ৷ দেওবাৰে মঙলদৈ মহৰ্ষি বিদ্যামন্দিৰ খেলপথাৰত ৰাষ্ট্ৰীয় বজৰং দলৰদ্বাৰা শতাধিক যুৱকক বন্দুক, পিষ্টল আদি মাৰণাস্ত্ৰৰে গুলী ফুটুৱাৰ প্ৰশিক্ষণ দিয়া ঘটনাই ৰাজনৈতিক মহলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ 

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বজৰং দলৰ নেতাসকলৰ ওপৰত আৰু মঙলদৈ ঘটনাৰ লগত জড়িতসকলৰ ওপৰত ভাৰতীয় দণ্ডবিধি ধাৰা ১৫৩a/১৫৩aa/২৯৫a/৫০৫ ৰ উপৰিও অস্ত্ৰ আইন ধাৰা ২৫,২৭আৰু UAPA ৰ আইন ধাৰা ১৩ আৰু ১৬ অধীনত গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনা তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জাতীয় যুৱ বাহিনীয়ে ৷

জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পদক সুব্ৰত দত্তই কয় যে, এই ঘটাই প্ৰমাণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অসমখনক উন্নয়ণৰ দিশত আৰু সুস্থিৰ পৰিৱেশৰ দিশত গঢ় দিবলৈ চেষ্টা কৰা নাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমক চুবুৰীয়া ৰাজ্য মণিপুৰৰ দৰে গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজলৈ নি তেওঁৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবলৈ বিচাৰিছে ৷

লগতে পঢ়ক: Bajrang Dal Arms Training: বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াসকলক NSAত গ্ৰেপ্তাৰৰ দাবী আছুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.