ETV Bharat / state

Bajrang Dal Arms Training: বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াসকলক NSAত গ্ৰেপ্তাৰৰ দাবী আছুৰ

author img

By

Published : Aug 1, 2023, 4:32 PM IST

বজৰং দলৰ মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যজুৰি তীব্ৰ গৰিহণা বজৰঙৰ এই কাৰ্যক ৷ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ ৷ "ছাত্ৰীয়ে কবিতা লিখিলে, ফেচবুকত পোষ্ট দিলে ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰে ৷ এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰা নাই বজৰঙৰ অস্ত্ৰচালনা প্ৰশিক্ষণ দিয়াসকলক" - আছুৰ প্ৰশ্ন ৷

Bajrang Dal Arms Training
আছুৰ নেতৃত্বৰ প্ৰতিক্ৰিয়া

বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণক লৈ আছুৰ নেতৃত্বৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ আগষ্ট: “কবিতা লিখিলে জে’ল হাজোতত ভৰায় ৷ অস্ত্ৰ সঞ্চালনৰ বাতৰি প্ৰকাশ পাই গৈছে ৷ চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব লাগে ৷ আমি সকলোৱে হিংসা বৰ্জিত পৰিৱেশ বিচাৰো ৷ আইন সকলোৰে বাবে সমান হ’ব লাগে ৷ এতিয়ালৈকে যে কাকো গ্ৰেপ্তাৰ কৰা নাই সেইটোতহে আচৰিত হৈছো আমি ৷” এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

"শিক্ষানুষ্ঠানৰ চৌহদতেই নহয়, অসমৰ কোনো ঠাইতে অস্ত্ৰ সঞ্চালন হ’ব নালাগে ৷ ছাত্ৰীয়ে কবিতা লিখিলে জে’ললৈ পঠিয়ায় ৷ অস্ত্ৰ সঞ্চালন কৰিলে মুকলিকৈ ঘূৰিবলৈ দিয়ে । কোন দেশৰ নিয়ম এয়া?" বুলি আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ মন্তব্য ৷

আনহাতে অসমত বজৰঙৰ অস্ত্ৰ চালনাক লৈ কঠোৰ সমালোচনাৰে গভীৰ উদ্বেগ প্ৰকাশ আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰো ৷

“এনেকৈ যদি মুকলি অস্ত্ৰ চালনাৰ বাবে প্ৰশিক্ষণৰ অনুমতি দিব পাৰে তেন্তে সকলোৰে বাবে মুকলি বুলি ঘোষণা কৰি দিব লাগে ৷ কবিতা লিখিলে, ফেচবুকত পোষ্ট দিলে NSAত গ্ৰেপ্তাৰো কৰে এইখন চৰকাৰে ৷ এতিয়া শাসকীয় দলৰ ভাতৃ সংগঠন বুলি দাবী কৰা সংগঠনে মাৰণাস্ত্ৰৰ মুকলি প্ৰশিক্ষণ দিছে । এইটো জাতিৰ বাবে শুভ লক্ষণ নহয় ৷” আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্পষ্ট মত প্ৰকাশ কৰিলে এইদৰে ৷

লগতে শংকৰজ্যোতিয়ে কয়, এয়া দেশ আৰু জাতিৰ বাবে উদ্বেগজনক কথা ৷ এইদৰে অস্ত্ৰ প্ৰশিক্ষণ লৈ কাইলৈ আকৌ এটা উগ্ৰপন্থী সংগঠন খুলিলে তাৰ দায়িত্ব কোনে ল’ব বুলিও আছু সাধাৰণ সম্পাদকজনে প্ৰশ্ন উত্থাপন কৰি NSA আৰু TADAৰ অধীনত গ্ৰেপ্তাৰৰ দাবী তুলিলে ৷ বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ শিবিৰক সমৰ্থন কৰি বিতৰ্কত সোমাই পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো কঠোৰ সমালোচনা শংকৰজ্যোতি বৰুৱাৰ ।

গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ থকা মণিপুৰলৈ আজি আছুৰ এটা দল ৰাওনা হৈছে ৷ তাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত সাংবাদিকৰ আগত মঙলদৈত এইদৰে বজৰং দলৰ অস্ত্ৰ চালনাক লৈ সৰৱ হৈ পৰে আছুৰ দুই জ্যেষ্ঠ নেতা ৷

লগতে পঢ়ক: Bajrang Dal Arms trainning: ডিজিপিৰ নিৰ্দেশৰ পিচতে বজৰং দলৰ বিৰুদ্ধে মঙলদৈত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.