Independence day 2023: সৰুপথাৰত স্বাধীনতা উদযাপন

By

Published : Aug 15, 2023, 5:45 PM IST

thumbnail

সৰুপথাৰ,১৫ আগষ্ট: সমগ্ৰ দেশে আজি উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । দেশ তথা অন্যান্য প্ৰান্তৰ লগতে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত পুৱাই গোলাঘাট জিলা পৰিবহণ বিভাগৰ সহযোগত 'বহেমিয়ান' নামৰ এটা দলৰ উদ্যোগত সৰুপথাৰৰ পৰা কাজিৰঙালৈ বাইক ৰেলী উলিওৱাই ।  

সৰুপথাৰস্থিত সতী সাধনী উদ্যানত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে । সতী সাধনী উদ্যানৰ পৰাই আৰম্ভ কৰা পথ সুৰক্ষাৰ তথা সজাগতাৰ বাবে কৰা এই যাত্ৰাৰে গোলাঘাটৰ কাজিৰঙালৈ গৈ সেই স্থানত বৃক্ষ ৰোপণ কৰিব বুলি টীম 'বহেমিয়ানে' জানিবলৈ দিয়ে ।  

উল্লেখযোগ্য যে, বিভিন্ন সময়ত জনসাধাৰণে হেলমেট পৰিধান নকৰি বাইক চলায়, তিনি-চাৰিজনকৈ বাইকত উঠি যাত্ৰা কৰাৰ ফলত বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । তেনে পৰিক্ষিতত স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত বহেমিয়ান টীমৰ এনে পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় । 

লগতে পঢ়ক: 77th Independence Day : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু বিকাশৰ জয়গান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.