মেৰাপানীত জল জীৱন মিছন আঁচনিৰ শুভ উদ্বোধন

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:07 PM IST

thumbnail

গোলাঘাট,১৪ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰে ঘৰে পানী যোগান আচঁনিৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ মানসেৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্থাপন কৰা হৈছে পানী যোগান আঁচনিৰ গৃহ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে মেৰাপানী চাউদাংপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গটঙাচুকত ১ কোটি ২২ লাখ টকাৰ ব্যয় সাপেক্ষে ২১৪ টা পৰিয়ালক সামৰি ৰূপায়ণ কৰা দ-বাৰিচোৱা পানী যোগান আঁচনিখন উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে । 

উদ্বোধন কৰি ৰাইজক আঁচনিখন সূচাৰূপে পৰিচালনা কৰাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে গোলাঘাট-মেৰাপানী সংযোগী ২৭ কিলোমিটাৰ পথটি অসম মালা আঁচনিৰ অধীনত ৭৫ কোটি টকাৰ ব্যয় সাপেক্ষে দ্বৈত পথৰ কাম অহা জানুৱাৰী মাহৰ পৰাই শুভাৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে ।  

লগতে পঢ়ক: হোজাইত বিনামূলীয়া চকু-স্বাস্থ্য পৰীক্ষা তথা ৰক্তদান শিবিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.