বিলাসীপাৰাৰ খুদিগাওঁ দ্বিতীয় খণ্ড গাঁৱত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 5:13 PM IST

thumbnail

বিলাসীপাৰা, 29 ডিচেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত খুদিগাওঁ দ্বিতীয় খণ্ড গাঁৱত চলিল প্ৰশাসনৰ বুলডজাৰ ৷ এহাজাৰ বিঘা মাটি বেদখল মুক্ত কৰিব প্ৰশাসনে ৷

উল্লেখ্য যে, অঞ্চলটোত থকা এপিডিচিএলৰ এহাজাৰ বিঘা মাটি বেদখল কৰি ঘৰ-দুৱাৰ সাজি দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছিল একাংশ লোক ৷ প্ৰশাসনৰ লোকে জানিবলৈ দিয়া অনুসৰি, বেদখলকাৰীসকলক এই মাটি খালী কৰি দিবলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু জাননীৰ কোনো সঁহাৰি নিদিয়াত প্ৰশাসনে এইদৰে উচ্ছেদ চলাবলৈ বাধ্য হয় ৷  

এই এহাজাৰ বিঘা চৰকাৰী ভূমিত সৌৰ শক্তি প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিছে প্ৰশাসনৰ লোকে ৷ এই ভূমিত এপিডিচিএলৰ 70 মেগা ৱাটৰ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হ'ব ৷ প্ৰায় 200 টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰিব বুলি জানিব পৰা গৈছে ৷ শুকুৰবাৰে পুৱাৰে পৰাই আৰম্ভ হৈছে উচ্ছেদ অভিযান ৷ নিয়োগ কৰা হৈছে অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ বৃহৎ দল ৷ 

লগতে পঢ়ক : বৰপেটাত জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মচাৰীৰ অসহযোগ ধৰ্ণা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.