Liquor Seized in Jorhat : আটা-ময়দা-মিঠাতেলৰ পৰিৱৰ্তে ট্ৰাকত ওলাল বিলাতী সুৰা

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:55 PM IST

thumbnail

যোৰহাট,18 অক্টোবৰ: শুকুবাৰৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা ৷ পূজাৰ সময়ত যাতে অবৈধভাৱে সুৰাৰ সৰবৰাহ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যত সুৰা বিপণি বন্ধ নকৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ তাৰ পাচতো ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ বেহা ৷ বৃহস্পতিবাৰে যোৰহাটত এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ৷

ঘটনা অনুসৰি, আজি বিয়লি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ দিশৰ পৰা হাবিচুক পথেদি এ এছ 26 চি 9302 নম্বৰৰ এখন সামগ্ৰী ভৰ্তি ট্ৰাকখন ন-আলি দিশে গৈ আছিল ৷ উল্লেখ্য যে, ন-আলি সংযোগী পথ পোৱাৰ পূৰ্বেই পথৰ কাষৰ বিদ্যুতৰ তাঁৰ ছিঙি নিয়াত স্থানীয় ৰাইজে ট্ৰাকখন আৱদ্ধ কৰি ৰাখে ৷ তাৰ পাচতে স্থানীয় ৰাইজে চালকজনক বিভিন্ন প্ৰশ্ন কৰাত গাড়ীখনত আটা, ময়দা, মিঠাতেল আছে বুলি চালকজনে জানিবলৈ দিছিল ।

কিন্তু পৰৱৰ্তী সময়ত ট্ৰাকখনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকাত স্থানীয় ৰাইজৰ সন্দেহ ওপজে ৷ ফলত ট্ৰাকখনৰ দুৱাৰ খুলিবলৈ চালকজনক হেঁচা প্ৰয়োগ কৰে ৰাইজে ৷ তাৰ পাচতে ওলাই পৰিল জোলোঙাৰ মেকুৰী ৷  ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা উদ্ধাৰ হয় ৷ আনহাতে চালকজনে জনোৱা অনুসৰি, উক্ত সুৰাখিনি গুৱাহাটীৰ বেলতলাৰ পৰা যোৰহাটলৈ অনা হৈছিল । পৰৱৰ্তী সময়ত ঘটনাস্থলীত যোৰহাট আবকাৰী বিভাগৰ বিষয়া তথা লিচুৱাৰী আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে । 

লগতে পঢ়ক:Titabor Kamalabari Satra: ৰেঞ্জাৰ চাইকেল পাই আপোন পাহৰা এজাক কেৱলীয়া ভকত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.