NEP 2020:নতুন শিক্ষা নীতিৰ ভিত্তিত গুৱাহাটী আই আই টিত নতুন পাঠ্যক্ৰম আৰম্ভ

By

Published : Jul 24, 2023, 6:40 PM IST

thumbnail

গুৱাহাটী, 24 জুলাই : নতুন শিক্ষা নীতি, ২০২০ সঠিকভাৱে কাৰ্যকৰী কৰাৰ বাবে গুৱাহাটী আই আই টিয়ে কেতবোৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত সোমবাৰে গুৱাহাটী আই আই টিৰ সঞ্চালক পৰমেশ্বৰ কে আয়াৰে গুৱাহাটী আই আই টিত এক সংবাদমেল সম্বোধন কৰে । তেওঁ কয় যে গুৱাহাটী আই আই টিয়ে নতুন শিক্ষা নীতি, ২০২০ সঠিকভাৱে কাৰ্যকৰী কৰাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ জনায় যে গুৱাহাটী আই আই টিত কেবাটাও বিষয়ৰ চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে ।

Bdes, data science, artificial intelligence ৰ চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে । এই পাঠ্যক্ৰম এবছৰৰ বাবে চাৰ্টিফিকেট ক’ৰ্চ, দুবছৰৰ ডিপ্লমা , তিনিবছৰৰ ডিগ্ৰী আৰু চাৰিবছৰীয়া মেজৰ ক’ৰ্চ চাৰিটা ভাগত ভাগ কৰা হৈছে । তেওঁ কয় যে ৰাষ্ট্ৰ সংঘৰ ১৭ টা sustainable devlopment goal ৰ লক্ষ্য পূৰণ কৰাৰ উদ্দেশ্যে গুৱাহাটী আই আই টিত স্নাতক পৰ্যায়ত বাধ্যতামূলক পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে । লগতে অসমৰ স্থানীয় ভাষা আৰু জনজাতি ভাষাৰ গৱেষণাৰ বাবে গুৱাহাটী আই আই টিয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আছে । লগতে শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : NEP 2023 : নতুন শিক্ষা নীতিক আদৰণি জনাইছে সমালোচক ময়ূৰ বৰাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.