Nitesh Kumar Murder; ‘‘মোৰ ল’ৰাই অকলে এই কাম কৰিব নোৱাৰে’’; অভিযুক্ত অভিষেকৰ মাতৃ

By

Published : Aug 10, 2023, 2:08 PM IST

thumbnail

গুৱাহাটী, ১০ আগষ্ট : বন্দনা কলিতাৰ পাচতে মহানগৰীৰ বোন্দাত সংঘটিত হোৱা ছাত্ৰ নীতেশ কুমাৰৰ হত্যাকাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য ৷ সময় বাগৰাৰ সমান্তৰালকৈ পোহৰলৈ আহিছে ন ন তথ্য ৷ অভিযোগ অনুসৰি, নীতেশ কুমাৰক হত্যা কৰিছে অভিষেক বৰুৱাই ৷

কিন্তু ইয়াৰ চৰ্চা হৈ থকাৰ মাজতে এইবাৰ সংবাদ মাধ্যমৰ আগত মুখ খুলিছে অভিযুক্ত অভিষেক বৰুৱাৰ মাতৃয়ে ৷ অভিযুক্ত অভিষেক বৰুৱাৰ মাতৃয়ে উল্লেখ কৰা মতে, পূৰ্বৰ পৰা চিনাকি সূত্ৰে ছয়মাহ মানৰ পৰা নীতিশ কুমাৰ বীৰকুচিস্থিত অভিষেক বৰুৱাৰ ভাড়াঘৰলৈ অহা-যোৱা আছিল । আনহাতে, পূৰ্বতে অভিষেক বৰুৱাF বেলতলা অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল ।

বৰ্তমান নাৰেংগীত এখন ৰেষ্টুৰেণ্ট বনাই আছিল অভিষেক বৰুৱাই । অৱশ্যে এতিয়ালৈকে ৰেষ্টুৰেণ্টখনৰ কাম সম্পূৰ্ণ হোৱা নাই । বুধবাৰে অভিষেক ঘৰলৈ আহিছিল । কিন্তু বুধবাৰে নীতেশ কুমাৰ অভিষেকৰ ঘৰলৈ অহা নাছিল । এই কথা উল্লেখ কৰিছে অভিষেক বৰুৱাৰ মাতৃয়ে ৷ লগতে তেওঁলোকে কয়, ‘‘মোৰ ল’ৰাই অকলে এনে ঘটনা সংঘটিত কৰিব নোৱাৰে । যদি মোৰ ল’ৰা দোষী হয়, তেন্তে তাক উচিত শাস্তি দিয়ক’’ ।

লগতে পঢ়ক : Murder at Bonda; গুৱাহাটীৰ ছাত্ৰক হত্যা; পদপথৰ ব্যৱসায়ীয়ে হত্যা কৰিলে নীতেশ কুমাৰক 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.