Teok murder case: পতা গুটিৰে স্বামীয়ে হত্যা কৰিলে পত্নীক

By

Published : Apr 22, 2023, 1:40 PM IST

thumbnail

টীয়ক, 22 এপ্ৰিল : টীয়কৰ আখৈদিছা চাহবাগিচাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । অভিযোগ অনুসৰি আখৈদিছা চাহ বাগিছাৰ তাজেন কালন্দী নামৰ ব্যক্তিজনে মৰিয়াই হত্যা কৰিলে পত্নী ৰণুমা কালন্দীক । ইতিমধ্যে হত্যাকাৰী স্বামীক টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Husband killed his wife at Teok) । 

উল্লেখযোগ্য যে যোৱা দেওবাৰে নিশা পতি-পত্নীৰ মাজত কোনো কাৰণত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু অভিযুক্ত স্বামীয়ে ৰুণুমা কালন্দীক পতা গুটিৰে মাৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে । স্বামীৰ হাতত গুৰুতৰভাৱে আহত হোৱা ৰুণুমা কালন্দীক ততাতৈয়াকৈ টীয়ক FRU লৈ লৈ অহা হয় যদিও উন্নত চিকিৎসাৰ বাবে টীয়কৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় (Teok brutally murdered case) ৷

কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰুণুমাই শনিবাৰে ডিব্রুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱটি ল’বলগীয়া হয় । ইপিনে মহিলাগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত তাজেন কালন্দীক টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে (Assam Medical College and Hospital) ।

লগতে পঢ়ক : Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.