সোণাৰিত জঘন্য হত্যাকাণ্ড

By

Published : Aug 25, 2022, 7:37 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

চৰাইদেউ জিলাৰ সোণাৰিত জঘন্য হত্যাকাণ্ড (murder at Sonari in Charaideo)। ঘৰুৱা কন্দলৰ পাছতে পত্নীক হত্যা কৰিলে পতিয়ে (Husband killed wife in sonari) । ঘটনা অনুসৰি সোণাৰিৰ ভজো বগৰীগুৰিৰ জাকিৰ হুছেইনে পৰিকল্পিতভাৱে হত্যা কৰি ঘৰৰ পাছফালৰ পুখুৰীত পেলাই থলে পত্নী মমিনা বেগমক (pre planned murder by husband) । নিশাই হত্যা কৰি পুখুৰীত পেলাই থোৱাৰ অভিযোগ । ঘৰুৱা কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডৰ অভিযোগ স্থানীয় ৰাইজৰ । ঘটনাৰ পাছতে মৃত মমিনা বেগমৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে । ইতিমধ্য ঘটনাস্থলীত উপস্থিত হৈ সোণাৰি আৰক্ষীয়ে আটক কৰে জাকিৰক (Sonari police arrested murder accused) । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, জাকিৰ হুছেইনে মৃত তিনি সন্তানৰ মাতৃ মমিনা বেগমক প্ৰায়ে শাৰীৰিক তথা মানসিক অত্যাচাৰ কৰিছিল । কেইবাদিনো নিশা ঘৰৰ পৰা মাৰপিট কৰি খেদি দিছিল । ইয়াৰ পাছতে আজি এইদৰে ঘৰৰ পিছফালে থকা পুখুৰীত মমিনা বেগমৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্য (dead body recovered from pond) ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.