HSLC 2023 Science paper leak: পৰীক্ষা দিবলৈ গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত ছাত্ৰ-ছাত্ৰী হৈ পৰিল হতাশ

By

Published : Mar 13, 2023, 12:49 PM IST

thumbnail

নগাঁও, 13 মাৰ্চ : পুনৰ ফাদিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত । ইয়াৰ পাছতে উত্তাল হৈ পৰিছে ৰাজ্য ৷ বাতিল হৈছে পৰীক্ষা । পৰীক্ষা দিবলৈ গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত পৰীক্ষাৰ্থী হৈ পৰিল হতাশ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত পুনৰ ফাদিল হোৱাৰ পিছতে পৰীক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ (HSLC 2023 science paper leak) । সোমবাৰে পৰীক্ষা দিবলৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ হতাশ মনেৰে উভতিল পৰীক্ষাৰ্থীসকল । গ্ৰাম্যাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী অৱগত হোৱা নাছিল পৰীক্ষা বাতিল হোৱাৰ সন্দৰ্ভত ।

নগাঁও জিলাৰ আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰিলক্ষিত হ'ল এনে এক পৰিৱেশ । প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱা বুলি অৱগত নোহোৱা পৰীক্ষাৰ্থী হতাশ মনেৰে উভতিল পৰীক্ষা কেন্দ্ৰৰ পৰা (hslc 2023 science paper leak news) । সোমবাৰে বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতে পৰীক্ষা কেন্দ্ৰত আহি অভিভাৱক তথা ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । 

লগতে পঢ়ক : HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.