HSLC Exam 2023: ধেমাজিত ৩৪ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা

By

Published : Mar 3, 2023, 2:17 PM IST

thumbnail

ধেমাজি,  ৩ মাৰ্চ : আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Exam 2023) ৷ এইবাৰ ধেমাজি জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 14,117 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰে ভিতৰত ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা হ’ল ক্ৰমে 7,509 আৰু 6,608 গৰাকী । প্ৰতিটো কেন্দ্ৰত আৰক্ষী মোতায়েন কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে (HSLC Exam 2023 Dhemaji) ৷ 

এইবাৰ প্ৰথমবাৰৰ বাবে নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (New education policy) ৷ চাৰিটা বিষয়ত আছে দুখনকৈ উত্তৰ বহী ৷ প্ৰতিখন উত্তৰ বহীতে শিক্ষাৰ্থীয়ে চহী কৰিব লাগিব ৷ সেইদৰে প্ৰশ্ন কাকতত 50% বস্তুনিষ্ঠ আৰু 50% বৰ্ণনামূলক প্ৰশ্ন থাকিব ৷ অনুৰূপভাৱে উত্তৰ বহীয়ো পূৰ্বৰ উকা বহীৰ পৰিৱৰ্তে পৃথককৈ তৈয়াৰ কৰি উলিওৱা হৈছে ৷ 

ধেমাজি নগৰৰ সমীপৰ অতি পুৰণি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আৰু ৰূপনাথ উচ্চ মাধ্যমিক বিদ্যালয়ত উৎকণ্ঠাৰে অভিভাৱকসকলে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ইপিনে আগন্তুক দিনত নতুন শিক্ষানীতিৰ আধাৰত অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰিলে পূৰ্বে অনুষ্ঠিত হোৱা পৰীক্ষাৰ মাদকতা নাথাকিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেইবাগৰাকীও অভিভাৱকে ৷ 

লগতে পঢ়ক : Conrad ahead in hung House: কাক মিত্ৰ ৰূপে লৈ মেঘালয়ত চৰকাৰ গঠন কৰিব কনৰাড চাংমাই ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.