Road accident: তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 2:32 PM IST

thumbnail

তিনিচুকীয়া,৪ অক্টোবৰ: বুধবাৰে তিনিচুকীয়াৰ মাকুম পথত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ৷ মাকুম পথত অৱস্থিত শিৱধাম মন্দিৰৰ সমীপত এখন তেল পৰিবাহী টেংকাৰ আৰু এখন মটৰচাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত চিৰাপত্তীৰ ধীৰাজ কুমাৰ শ্বাহ নামৰ মটৰচাইকেল আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোকজনক টেংকাৰখনৰ চালকজনে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷  

দুৰ্ঘটনা সংঘটিত হোৱা টেংকাৰখনৰ নম্বৰ AS23CC4486 আৰু আপাছী মটৰচাইকেলখনৰ নম্বৰ AS06X1318 ৷ ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত তিনিচুকীয়াৰ যানবাহন আৰক্ষী উপস্থিত হৈ টেংকাৰ আৰু মটৰচাইকেলখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ৷ 

লগতে পঢ়ক: MP Gaurav Gogoi convoy accident: সাংসদ গৌৰৱ গগৈৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.