দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি ৰক্ষা বাইক আৰোহী

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 12:06 PM IST

thumbnail

গোলাঘাট, 5 জানুৱাৰী : বুধবাৰে পুৱতি নিশা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ বৃহস্পতিবাৰে নিশা দেৰগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এইবাৰ এল.পি ট্ৰাকৰ চকাৰ তলত সোমাল মটৰ চাইকেল আৰোহী । কথমপি প্ৰাণ ৰক্ষা পৰে মটৰচাইকেল আৰোহীৰ ।

দেৰগাঁও নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । যোৰহাট দিশৰ পৰা দেৰগাঁও অভিমুখে HR74B 3891 নম্বৰৰ আহি থকা এখন মালবাহী ট্ৰাকৰ তলত সোমাই যায় মটৰ চাইকেল আৰোহীগৰাকী ৷ অৱশ্যে ট্ৰাকচালকৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে AS 03L 6142 নম্বৰৰ মটৰচাইকেল আৰোহীজনৰ ।

ইতিমধ্যে ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত আৰোহীজনক দেৰগাঁও সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে দুৰ্ঘটনা সম্পৰ্কে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক : ডাঠ কুঁৱলীৰ বাবে অফলামুখ-নিমাতীৰ মাজত ফেৰী চলাচলত বাধা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.