Jorhat Chowk Bazar Fire: জীৱিকাৰ সম্বল হেৰুৱাই কান্দোনত ভাগি পৰিল ব্যৱসায়ী

By

Published : Feb 17, 2023, 8:18 PM IST

thumbnail

যোৰহাট, ১৭ ফেব্ৰুৱাৰী : একুৰা জুয়ে নিমিষতে শেষ কৰিলে বহুতৰে জীৱন-জীৱিকা, সপোন, আশা-ভৰসা । যাৰ বাবে নিজৰ মৰমৰ ব্যৱসায়িক প্ৰতিষ্ঠান হেৰুৱাই শোকত দগ্ধ হৈছে যোৰহাট চ'ক বজাৰৰ সৰ্বস্বান্ত হোৱা ব্যৱসায়ীসকল (fire in Jorhat Chowk Bazar) । চকুৰ পচাৰতে সকলো জ্বলি শেষ হৈ যোৱা ব্যৱসায়ীসকলৰ সন্মুখত এতিয়া এক অন্ধকাৰ ভৱিষ্যত । যাৰ বাবে অসহায় হৈ পৰিছে ব্যৱসায়ীসকল (massive fire in Jorhat)।

কিন্তু এই বিপদৰ সময়ত এইসকল সৰ্বহাৰা ব্যৱসায়ীৰ কাষত থিয় দিছে যোৰহাট জিলাৰ উপায়ুক্ত । সহায়ৰ আশ্বাস প্ৰদান কৰিছে যোৰহাট জিলাৰ নৱ-নিযুক্ত জিলা উপায়ুক্ত পুলক বৰ্মনে । আনহাতে, বৃহস্পতিবাৰৰ বিধ্বংসী অগ্নিকাণ্ডত সৰ্বহাৰা হোৱা ব্যৱসায়ীসকলৰ মনত এতিয়া এটায়ে আশংকা- ক'লৈ যাম, কি কৰিম, কি খাম, আমাৰ পৰিয়ালক কেনেকৈ চলাম ! এই হুমুনিয়াহ ভৰা শব্দবোৰ এতিয়া ভাহি আহিছে অগ্নিকাণ্ডত জাহ যোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলৰ মাজৰ পৰা ।

উল্লেখ্য, যোৰহাটৰ নিম্ন মধ্যবিত্তসকলৰ বজাৰ-সমাৰৰ মূল প্ৰাণকেন্দ্ৰ যোৰহাট চ'ক বজাৰত বৃহস্পতিবাৰে নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই এফালৰ পৰা গ্ৰাস কৰি ধ্বংসস্তূপত পৰিণত কৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ (historical chowk bazar fire in Jorhat) । ইফালে শুকুৰবাৰে পুৱা নিজৰ মৰমৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ধ্বংসলীলা দেখি পথৰ কাষতেই হুকহুকাই কান্দি উঠে এইসকল ব্যৱসায়ীয়ে । এইটো সকলোৰে চৰকাৰলৈ এটাই কাতৰ আহ্বান, ‘‘আমাক পুনৰ সংস্থাপন প্ৰদান কৰক’’ ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই চ'ক বজাৰত থকা ৫৩০ খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত কৰে । আনহাতে, শুকুৰবাৰে জিলা উপায়ুক্তই চ'ক বজাৰৰ ধ্বংসস্তূপত পৰিণত স্থান পৰিদৰ্শন কৰি সহায়ৰ আশ্বাস প্ৰদান কৰে । চৰকাৰৰ ফালৰ পৰাও সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে নৱ-নিযুক্ত উপায়ুক্ত পুলক মহন্তই । উল্লেখ্য যে, যোৰহাটত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে । শুকুৰবাৰে ঘটনাস্থলীত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা সহিতে যুৱ ছাত্র পৰিষদৰ এটা সঁজাতী দল উপস্থিত হৈ ঘটনাৰ বুজ লয় ।

উল্লেখ্য, এই ঐতিহাসিক চ'ক বজাৰত ইয়াৰ পূৰ্বেও এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছিল । ১৯৭৬ চনত অগ্নিকাণ্ডত এই চ'ক বজাৰখন ভস্মীভূত হৈছিল । পৰৱৰ্তী সময়ত যোৰহাট পৌৰসভাই বজাৰখনৰ ৫০ খন ব্যৱসায়িক প্ৰতিষ্ঠান পুনৰ নিৰ্মাণ কৰি দিছিল ।

লগতে পঢ়ক :Jorhat Chowk Bazaar fire : ঐতিহাসিক চ'ক বজাৰ আৰু নাই..!

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.