Mahalaya 2023:আজি পবিত্ৰ মহালয়া, ঘোঁৰাৰ পিঠিত মৰ্ত্যলৈ নামিল দেৱী দুৰ্গা

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 11:57 AM IST

thumbnail

গুৱাহাটী, 14 অক্টোবৰ : আজি পবিত্ৰ মহালয়া । শাৰদীয় উৎসৱৰ বতৰা লৈ ঘোঁৰাৰ পিঠিত উঠি ধৰালৈ নামিল দেৱী দুৰ্গা । সমগ্ৰ ৰাজ্যৰ লগতে মহালয়া উপলক্ষে মহানগৰীত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ।

মহানগৰীৰ শুক্ৰেশ্বৰ ঘাট,পাণ্ডু ঘাট, দীঘলী পুখুৰীত মহালয়া উপলক্ষে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । দুষ্টক দমন কৰি দুৰ্গতসকলৰ ত্ৰাণকৰ্তা হৈ আহিব দুৰ্গতিনাশিনী । দুৰ্গা পূজাক লৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে ব্যাপক প্ৰস্তুতি । পূজাৰ মণ্ডপ সজোৱাৰ পৰা বজাৰত গ্ৰাহক-ব্যৱসায়ীৰ এ ইকেইদিন ব্যস্ততাৰ শেষ নাই । মৃণ্ময় শিল্পীসকলো ব্যস্ত প্ৰতিমাত অন্তিম পৰশ দিয়াত ।

মহালয়াৰ দিনৰ পৰাই পিতৃ পক্ষৰ অন্ত পৰি শুভাৰম্ভ হয় দেবী পক্ষ বা মাতৃ পক্ষৰ । আজিৰ দিনটোত পৰলোকগামী হোৱা পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ কামনা কৰি পিণ্ড দিয়া হয়। মহালয়া মানেই দুর্গা পূজাৰ অনুভৱে গা কৰি উঠে । শুনা যায় যে, মহালয়াৰ দিনাই মৰ্ত্যবাসীৰ আহ্বানত দেৱী দুৰ্গা মৰ্ত্যলৈ নামি আহিছিল । সেইদিনাৰ পৰাই আৰম্ভ হৈছিল মহিষাসুৰ বধ পৰ্ব । চলিত বৰ্ষত দুৰ্গা দেৱী ঘোঁৰাত আহি ঘোঁৰাতেই স্বৰ্গলৈ উভতি যাব ৷ ২০ অক্টোবৰত ষষ্ঠীৰ বেদীত মাক স্থাপন কৰোৱা হ’ব ৷ ২১ অক্টোবৰত সপ্তমী, ২২ অক্টোবৰত অষ্টমী, ২৩ অক্টোবৰত নৱমী আৰু ২৪ অক্টোবৰত দশমী উদযাপনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ভক্তপ্ৰাণ ৰাইজ ।

লগতে পঢ়ক : Mahalaya 2023:তিনিচুকীয়াত পবিত্ৰ মহালয়া উপলক্ষে অগণন জনতাৰ সমাগম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.