জোনাইৰ ঐৰামঘাট-জামপানীত কৃষকে নীৰৱে ৰচিছে সোণালী সপোন

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:09 PM IST

thumbnail

জোনাই, ১৭ নৱেম্বৰ : অসম এখন কৃষি প্ৰধান ৰাজ্য ৷ কৃষিৰ ওপৰতে অসমৰ অৰ্থনীতি নিৰ্ভৰশীল যদিও সময় সলনি হোৱাৰ লগে লগে কৃষিকাৰ্যৰ পৰা বহু লোকে আঁতৰি আহিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু এনে সময়তো অসম-অৰুণাচল সীমান্তৰ জোনাইৰ ঐৰামঘাট-জামপানীত শ শ কৃষকে নিৰৱে গঢ়ি তুলিছে সেউজ বিপ্লৱ ৷ যোৱা চাৰি দশক ধৰি জোনাইৰ অৰুণাচল সীমান্তৰ ঐৰামঘাট-জামপানীত তিল,মাকৈ,পাপৰ,সঁৰিয়হ, আলু আদি খেতি কৰি চিয়াং নদীৰ পাৰৰ পলসুৱা ভূমিত শ শ অসমীয়া কৃষকে নীৰৱে সূচনা কৰিছে সেউজ বিপ্লৱৰ ৷

প্ৰতি বছৰৰ দৰে এইবাৰো জোনাইৰ ঐৰামঘাট-জামপানীত শ-শ স্থানীয় খেতিয়কে তিল,মাকৈ,পাপৰ, সঁৰিয়হ,আলু আদিৰ খেতি কৰি সপোন ৰচিছে স্বাৱলম্বী হোৱাৰ ৷ এই সন্দৰ্ভত এজন কৃষকে উল্লেখ কৰা মতে, ঐৰামঘাট-জামপানীত উৎপাদিত সামগ্ৰী সমূহ জোনাইৰ লগতে ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদিৰ উপৰি ৰপ্তানি হয় অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ ৷

লগতে পঢ়ক:উত্তৰ-পূৰ্বাঞ্চলৈ শীতৰ আগমন, হ্ৰাস পাইছে সৰ্বনিম্ন তাপমাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.