Assam Governor at Moran : মৰাণত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উদ্বোধন কৰিলে সাৰ্বজনীন দুর্গা পূজা

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 10:40 PM IST

thumbnail

ডিব্ৰুগড়, 19 অক্টোবৰ : মৰাণত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷ বৃহস্পতিবাৰে বিশেষ কাৰ্যসূচীৰে মৰাণত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷ মৰাণহাটৰ সাৰ্বজনীন দুর্গা পূজাই এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷ ৫০ বছৰ গৰকা সাৰ্বজনীন দুর্গা পূজাখনি বৃহস্পতিবাৰে সন্ধিয়া উদ্বোধন কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৷

পূজা মণ্ডপ উদ্বোধন কৰি ৰাজ্যপাল গৰাকীয়ে দেৱী দুৰ্গাৰ ওচৰত সেৱা লয় ৷ ইয়াৰ পিছতে পূজা মণ্ডপৰ কাষতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে তেওঁ ৷ কেইবাটাও সাংস্কৃতিক দলৰ নৃত্যই জীপাল কৰি তোলা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ভক্তি বা আৰাধনা থাকিলে কোনো অপশক্তিয়ে অনিষ্ট কৰিব নোৱাৰে ৷

ৰাজ্যপালগৰাকীৰ সৈতে উপস্থিত থাকে তেওঁৰ সহধৰ্মিণী অনিতা কাটাৰিয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী যোগেন মহন, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁ‌ৱৰসহ কেইবাজনো বিশিষ্ট ব্যক্তি ৷ 

লগতে পঢ়ক : Assam Governor at Moran : মন্ত্ৰী-বিধায়কৰ উপস্থিতিত ১০ মিনিট আন্ধাৰতে থাকিল ৰাজ্যপাল কাটাৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.