Assam Governor at Moran : মন্ত্ৰী-বিধায়কৰ উপস্থিতিত ১০ মিনিট আন্ধাৰতে থাকিল ৰাজ্যপাল কাটাৰিয়া

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 9:04 PM IST

thumbnail

ডিব্ৰুগড়, 19 অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়ত মৰাণত উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷ মৰাণৰ ৰাধা-কৃষ্ণ মন্দিৰত অনুষ্ঠিত শ্ৰীশ্ৰী সাৰ্বজনীন দুর্গা পূজাই এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷ ৫০ বছৰ গৰকা সাৰ্বজনীন দুর্গা পূজাখনি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বৃহস্পতিবাৰে সন্ধিয়া উদ্বোধন কৰি পূজা মণ্ডপৰ কাষতে এখন সভাত অংশ কৰিছিল ৷

ৰাজ্যপালগৰাকীৰ সৈতে সভাত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়া ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত এই অনুষ্ঠানৰ মাজতে যান্ত্ৰিক বিজুতিৰ বাবে দুবাৰকৈ প্ৰায় ১০ মিনিট ধৰি আন্ধাৰতে থাকিব লগা হয় ৰাজ্যপালগৰাকী ৷

এনে পৰিস্থিতিত চৰম অস্বস্তিত পৰা দেখা গ'ল মন্ত্ৰী-বিধায়কৰ লগতে চৰাইদেউ জিলা প্ৰশাসনক ৷ ৰাজ্যপালে চৰাইদেউ জিলাৰ মৰাণত সাৰ্বজনীন দুর্গা পূজা উদ্বোধন কৰিবলৈ আহি আন্ধাৰতে থাকিব লগা হোৱাতো এতিয় চৰ্চাৰ বিষয় হৈ পৰিছে ৷  

লগতে পঢ়ক : Durga Puja 2023: ডিব্ৰুগড় চহৰৰ পূজা মণ্ডপত প্ৰতিফলিত কৃষকৰ চহা জীৱন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.