Ali Aye Ligang 2023: লখিমপুৰত কেন্দ্রীয় আলি আঃয়ে লৃগাঙৰ সোণালী জয়ন্তী

By

Published : Feb 15, 2023, 1:26 PM IST

thumbnail

লখিমপুৰ, ১৫ ফেব্ৰুৱাৰী:আজি ফাগুনৰ প্ৰথমটো বুধবাৰ । এই দিনটোতে প্ৰতিবছৰে মিচিং সমাজে উদযাপন কৰি আহিছে কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। সমগ্র ৰাজ্যৰ লগতে লখিমপুৰতো উলহ মালহেৰে আয়োজন কৰা হৈছে এই উৎসৱ (Ali Aye Ligang in Lakhimpur)। লখিমপুৰৰ বড়িমূৰীত অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষৰ কেন্দ্ৰীয় অনুষ্ঠান (Golden Jubilee of Ali Aye Ligang)। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত বড়িমূৰীত মিচিং কলা কৃষ্টি বিকাশ কেন্দ্ৰত আয়োজিত আলি আঃয়ে লৃগাঙত মিচিং সকলৰ কৃষ্টি সংস্কৃতিৰ মূৰ্ত প্ৰকাশ ঘটা পৰিলক্ষিত হয় ।

কেন্দ্ৰীয় আলি আঃয়ে লৃগাৰ সৈতে সংগতি ৰাখি প্ৰথমতে পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিছেতেই সাংস্কৃতিক প্ৰতিযোগিতা,পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা ,লৃদগদ, স্মৃতিস্তম্ভ উন্মোচন কৰা হয় । সোণালী জয়ন্তী বৰ্ষৰ কেন্দ্রীয় আলি আঃয়ে লৃগাঙৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । প্ৰতি বছৰে ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা আলি আঃয়ে লৃগাঙস্থলী  মিচিং সমাজৰ সাজপাৰ, গুমৰাগ, ঐনিতম, আনুনিতম আদিৰ ধ্বনিত মুখৰিত হৈ পৰে । গুমৰাগ নৃত্যৰ লগতে ঐনিতমৰ সুমধুৰ ছন্দত সকলোৱে নাচি আনন্দত মতলীয়া হৈছে (Gumrag Dance of Missing)।

বসন্তৰ লগে লগে ফাগুত মিচিং সকলে পালন কৰা এই উৎসৱটোত শস্য সম্ভাৱনা আৰু উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা হয় । এই বিশেয দিনটোত মিচিং সকলে দঞি পলক স্মৰণ কৰে । উল্লেখ্য যে কৃষিজীৱী মিচিং লোকসকলে পৰম্পৰাগতভাৱে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰি আহিছে । ইয়াকেই কেন্দ্ৰ কৰি কৃষি ভিত্তিক বসন্ত উৎসৱ আলি আঃয়ে লৃগাং সৃষ্টি হৈছে বুলি কোৱা হয় । এই উৎসৱৰ দিনা প্ৰথমে পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচা হয় । আলি আঃয়ে লৃগাঙৰ অৰ্থ হ'ল শস্য ৰোপণৰ আৰম্ভণি । ‘আলি’ মানে মূল বা কাণ্ড । আনহাতে, 'আ:য়ে'ৰ অৰ্থ হ'ল ফল বা গুটি ।

লগতে পঢ়ক:Side Effects of Banana: কল কল...খালে গাত হয় হাতীৰ সমান বল, সেই বুলিয়েই নাখাব মাত্ৰাধিক কল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.